গুৱাহাটী মহানগৰীৰ ভঙাগড় থানাৰ অন্তৰ্গত দীনেশ ওজা পথত বৃহস্পতিবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ ৰিক্সাৰ ওপৰত উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ মহানগৰীৰ ভঙাগড়ৰ দীনেশ ওজা পথত ৰিক্সাৰ ওপৰত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ভঙাগড় থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে৷ একাংশ লোকে দুৰ্ঘটনাত পতিত হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে যদিও তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰই সদৰী কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভঙাগড় থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও মৃত যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷ মৃত যুৱকজনৰ বয়স ৩০ বছৰ হ’ব বুলি আৰক্ষীয়ে ধাৰণা কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷
গুৱাহাটীত ৰিক্সাতে চালকৰ মৃতদেহ উদ্ধাৰ
Posted on by GTM Desk
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025