বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে..

1 min read

গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷

অতিৰিক্ত ঘাম ওলোৱাৰ কাৰণঃ

◾শৰীৰৰ পৰা অতিৰিক্ত ঘাম কেইবাটাও কাৰণত বাহিৰ হ’ব পাৰে৷ কেতিয়াবা হাইপাৰ হাইড্ৰছিছ নামৰ শাৰীৰিক অৱস্থাৰ কাৰণেও ঘাম বেছিকৈ বাহিৰ হয়৷ এনে শাৰীৰিক অৱস্থা মূলতঃ বংশগত কাৰণত হয়৷

◾কেতিয়াবা শৰীৰত হৰমনৰ তাৰতম্য হ’লেও ঘাম বেছিকৈ বাহিৰ হয়৷

◾কেতিয়াবা হৃদপিণ্ডৰ সমস্যা, কেন্সাৰ বা সংক্ৰমণৰ বাবেও ঘাম বেছিকৈ ওলাব পাৰে৷

◾ঘাম বেছিকৈ ওলোৱাৰ আন এক কাৰণ হ’ল শৰীৰৰ ওজন বৃদ্ধি পোৱা৷ ওজন অস্বাভাৱিকভাবে বাঢ়িলেও ঘাম বেছিকৈ ওলাব পাৰে৷

◾অতিৰিক্ত ঘাম বাহিৰ হোৱাটো ডায়েবেটিছ ৰোগৰ লক্ষণ হ’ব পাৰে৷

অতিৰিক্ত ঘাম ওলালে কি কৰিব

◾বেছিকৈ ঘাম ওলালে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওঁক৷

◾ঘাম বেছিকৈ ওলালে বিভিন্ন কাম-কাজত ব্যাঘাত জন্মে৷

◾বেছিকৈ ঘমাৰ ফলত কাপোৰো সঘনাই সলনি কৰিব লাগে৷ এনেধৰণৰ সমস্যাৰ সৃষ্টি হ’লেই ঘাম বেছিকৈ ওলোৱা বিষয়টোক অৱজ্ঞা কৰিব নালাগে৷ কেতিয়াবা সাধাৰণতে বেছিকৈ ঘাম ওলোৱাৰ পাছতো গুৰুত্ব নিদিয়াৰ ফলত মাৰাত্মক অসুখত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে

◾বেছিকৈ ঘাম বাহিৰ হ’লে পৰ্যাপ্ত পৰিমাণৰ পানী খাওক৷ বেছিকৈ ঘামিলে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰাটোৱে আটাইতকৈ সহজ উপায়৷ যিহেতু শৰীৰৰ পৰা ঘাম বেছিকৈ ওলালে শৰীৰত প্ৰয়োজন হোৱা পানীৰ অভাৱ হ’বলৈ দিব নালাগে৷

You May Also Like

More From Author