অধিকাংশ শিশুৰে এটা বেয়া অভ্যাস হৈছে ডাঙৰক হাত উঠোৱা। আৰম্ভণিতে, শিশুৰ এই অভ্যাসটো অতি মৰমলগা যেন লাগে যদিও প্ৰকৃততে এয়া এক বদ অভ্যাস। ভৱিষ্যতে এই অভ্যাসে শিশু এটাৰ আচৰণ তথা ব্যৱহাৰত বাৰুকৈয়ে প্ৰভাৱ পেলাব পাৰে।এই অভ্যাসে তেওঁলোকৰ প্ৰকৃতিক হিংসাত্মক কৰি তুলিবও পাৰে। সেয়েহে, যেতিয়া আপোনাৰ সন্তানে প্ৰথমবাৰৰ বাবে আপোনাক হাত দাঙে, আপুনি কি কৰিব জানো আহক-
এই কথা সঁচা যে, এটি শিশুৱে কেতিয়াও আপোনাক আঘাত কৰিবলৈ হাত দাঙি নাহে। তেওঁলোকে এনে আচৰণ কৰাৰ কাৰণ হৈছে সেই সময়ত তেওঁলোকৰ আৱেগ ইমানেই শক্তিশালী হৈ পৰে যে সেয়া তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সাধাৰণতে, ডেৰ বছৰৰ পৰা দুই বছৰ বয়সৰ শিশুয়ে এনে আচৰণ বেছিকৈ কৰে।কিয়নো এই বয়সত তেওঁলোকে পছন্দ আৰু অপছন্দ বুজি পোৱা হয়। যেতিয়া তেওঁলোকে ভাল পোৱা বস্তু নাপায় বা তেওঁলোকে ভাল পোৱা কোনো কাম কৰিব নোৱাৰে, তেতিয়া এনে আচৰণ কৰে।
অভিভাৱকসকল সচেতন হওঁক
শিশুৱে সিহঁতৰ চাৰিওফালৰ পৰিৱেশৰ পৰা অভ্যাস শিকে।সেয়েহে, ঘৰৰ সদস্যসকলে শিশুসকলৰ সন্মুখত সঠিক আচৰণ কৰাটো খুবেই প্ৰয়োজনীয়। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, যেতিয়াই আপোনাৰ সন্তানে আপোনাৰ ওপৰত হাত উঠাই, আপুনি সেই সময়তে লগত বহি তেওঁক কিছুমান কথা বুজাব লাগিব। আপুনি তেওঁক ‘মোক কিয় মাৰিলা ?’, ‘এতিয়া মই দেখিছো তুমি হাঁহি আছা’, ‘মোক কিবা ক’বা নেকি ?’ আদি সুধিব। শিশুটোৰ ওপৰত কেতিয়াও খং নকৰিব।এনেদৰে তেওঁৰ লগত মুকলিকৈ কথা পাতিলে তেওঁ পুনৰাই এই আচৰণ কৰোতে সাৱধান হ’ব।
আনহাতে, যদি আপোনাৰ সন্তানে আপোনাক আঘাত কৰে, লগে লগে তেওঁৰ ওপৰত খং নকৰিব। তেওঁক মৰমেৰে বুজাই দিব। যদি আপুনি তেওঁলোকক খং নকৰাকৈ মৰমেৰে বুজায়, তেন্তে তেওঁলোকে সহজে বুজি পাব যে হাত উঠোৱাটো ভাল অভ্যাস নহয়। শিশুটোক বুজাব যে, তেওঁলোকে কাৰো সৈতে এনে কৰা উচিত নহয়।