অহা ৩০ নৱেম্বৰত শুক্ৰই নিজাকৈ স্বৰাশি তুলাত প্ৰৱেশ কৰি মালব্য যোগ গঠন কৰিবলৈ ওলাইছে। ফলত একাধিক ৰাশিয়ে জাতক-জাতিকাৰ জীৱন সলনি কৰিবলৈ গৈ আছে।
জ্যোতিষৰ মতে অহা ৩০ নৱেম্বৰত শুক্ৰই নিজাকৈ স্বৰাশি তুলাত প্ৰৱেশ কৰি মালব্য যোগ গঠন কৰিবলৈ ওলাইছে। ফলত একাধিক ৰাশিয়ে জাতক-জাতিকাৰ জীৱন সলনি কৰিবলৈ গৈ আছে। কিন্তু সৌভাগ্যৰ আৰম্ভণি হ’বলৈ গৈ আছে ৩ ৰাশিৰ জাতক-জাতিকাৰ জীৱনত। জানি লওক কোন ৩ ৰাশি
বৃষ ৰাশি : সৌভাগ্যই লগ দিব। যিয়েই নকৰক, আপুনি সফল হ’ব। দুয়ো হাতত বহুত টকা আহিব। দীৰ্ঘদিন ধৰি ভুগি থকা যিকোনো বেমাৰৰ পৰা আপুনি সকাহ পাব। কৰ্মচাৰীয়ে নতুন সুযোগ লাভ কৰিব। কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ’ব পাৰে। বিদেশী কাম আৰু ব্যৱসায়ৰ সৈতে জড়িত জাতক-জাতিকাই এই সময়ত নতুন অফাৰ পাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে ভাল সময় পাৰ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে ভাল ফলাফল পাব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিব পাৰে। এই সময়ত গাড়ী আৰু ঘৰ কিনাৰো যোগ আছে। যিসকল জাতক-জাতিকা আইনী গোচৰত আছে তেওঁলোকে জয়ী হ’ব পাৰে। এই সময়ছোৱাত বাকী থকা কামসমূহ সম্পন্ন হ’ব। ব্যৱসায়ত থকা বাধাসমূহ দূৰ হ’ব।
কন্যা ৰাশিঃ এই সময়ছোৱাত হঠাৎ ধন-সম্পত্তিৰ লাভ কৰিব। জীৱনত টকাৰ বৃষ্টি হ’ব। সৌভাগ্যৰ দুৱাৰ খুলিব। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ’ব। সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্ক অটুট থাকিব। ব্যৱসায়ত ভাল লাভ পাব। পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব। ব্যৱসায়ত ভাল ফলাফল পাব। সমাজত আপোনাৰ সন্মান বাঢ়িব। কৰ্মচাৰীয়ে পদোন্নতি আৰু দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা। ভাল অৰ্ডাৰ আহিব ব্যৱসায়ীৰ হাতত।
মিথুন ৰাশিঃ মিথুন ৰাশিৰ বাবে বৰ ভাল সময়। আৰ্থিক অৱস্থাৰ ব্যাপক উন্নতি হ’ব। সৌভাগ্যৰ দুৱাৰ খুলিব। সন্তানৰ চাকৰি বা বিয়াৰ খবৰ আহিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। জীৱনত সঞ্চয় বাঢ়িব। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা ভাল লাভ হ’ব। আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ’ব। কেৰিয়াৰৰ বাবে বহুত ভাল সময়। চাকৰি বিচৰাসকলে এই সময়ত ভাল সুযোগ লাভ কৰিব পাৰে। আয়ৰ একাধিক উৎস মুকলি হ’ব, হাতত বহুত টকা আহিব। ব্যৱসায়ত বহুত লাভ পাব, হাতত নতুন প্ৰজেক্ট আহিব। আবদ্ধ হৈ থকা টকা ঘূৰাই পাব পাৰে। (ৰিপৰ্টৰ তথ্য জ্যোতিষৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, News18 অসম-এ কোনো তথ্য নিশ্চিত কৰা নাই)