ভূমি কেন্দ্ৰীক সংঘাত; কনিষ্ঠ ভাতৃৰ পৰিয়ালৰ আক্ৰমণত আহত জেষ্ঠ্য ভাতৃৰ পৰিয়াল

0 min read


■মুকালমুৱাৰ বৰ্ণিবাৰীত ভূমি কেন্দ্ৰীক সংঘাত।
■দুই ভাতৃৰ মাজত সংঘটিত হয় ভূমি কেন্দ্ৰীক সংঘাতো ।
■কনিষ্ঠ ভাতৃৰ পৰিয়ালৰ আক্ৰমণত আহত জেষ্ঠ্য ভাতৃৰ পৰিয়াল।
■আহত দুজনক মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি।
■কনিষ্ঠ ভাতৃ দিলীপ দাসৰ পৰিয়ালৰ আক্ৰমণত আহত হয় জেষ্ঠ্য ভাতৃ খগেন দাস(৫০) আৰু খগেন দাসৰ পত্নী শেৱালী দাস(৪৫)।
■আহত দুয়োজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই।
■জানিব পৰা মতে দুই ভাতৃ খগেন দাস আৰু দিলীপ দাসৰ মাজত পূৰ্বৰে পৰা ভূমি বিবাদ চলি আছিল।
■আজি দিলীপ দাসৰ পৰিয়ালৰ সদস্য পংকজ দাস, মন্দিৰা দাস, বৰষা দাস আৰু পম্পী দাসে খগেন দাস আৰু শেৱালী দাসক আক্ৰমণ কৰে।
■ফলত খগেন দাস আৰু শেৱালী দাস গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
■আহত দুয়োজনকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই।
■ঘটনা সংক্ৰান্তত ভূক্তভোগী খগেন দাসৰ পৰিয়ালে এতিয়া আৰক্ষী প্ৰশাসনৰ সহায়ত বিচাৰিছে।

বৰক্ষেত্ৰীৰ পৰা ৰিপোৰ্ট

You May Also Like

More From Author