ৰঙিয়াৰ নগৰৰ পৰা সন্ধানহীন হৈছে এগৰাকী যুৱতী । দূৰ্গা পুজা চাবলৈ গৈ নিৰুদ্দিষ্ট হৈছে ৰঙিয়া ষ্টেচনৰ ২ নং ৱাৰ্ডৰ মাইমিনা বেগম (২০) । যোৱা ২৩ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ জিয়ৰী মাইমিনা বেগম । হঠাৎ এনেদৰে এগৰাকী যুৱতী নিখোঁজ হোৱাত কান্দি কান্দি দিন পাৰ কৰিছে পৰিয়ালটোৱে । জীয়ৰী নিৰুদ্দিষ্ট হোৱাত মাতৃ আৰু ভাতৃয়ে চাৰিওফালে বিচাৰি ফুৰিছে । কিন্তু নাই কোনা সন্ধান নাই মাইমিনা বেগমৰ । ঘটনা সন্দৰ্ভত মাতৃ ৰেজিনা বেগমে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । কিন্তু আৰক্ষীয়েও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । অৱশেষত ৰঙিয়া, নলবাৰী, হাজোৰ ৰাজপথত নিৰুদ্দিষ্ট জিয়ৰীক বিচাৰি মাতৃ আৰু ভাতৃয়ে ব্যৱসায়ী, পথচাৰীসকলক নিৰুদ্দিষ্ট মাইমিনাৰ ফটো দেখুৱাই বিভিন্ন ঠাইত বিচাৰি ফুৰিছে । ইয়াৰ উপৰি আত্মীয় স্বজন আৰু পৰিচিত লোকৰ ঘৰত সা-খবৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল । কোনো দুষ্ট চক্ৰই ফুচুলাই নি কৰবাত বিক্ৰী কৰি দিব পাৰে বুলি সন্দেহ কৰি চিন্তিত হৈ পৰিছে পৰিয়ালটো । কি পৰিস্থিতিত আৰু কেনেকৈ যুৱতীগৰাকী নিখোজ হ’ল সেয়া ৰহস্যৰ আৱৰ্তত । শীঘ্ৰে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীক দাবী জনাইছে মাতৃয়ে ।
ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।