অন্ধবিশ্বাস! কণমানি সন্তানৰ সন্মুখতে হানি-খুচি জীৱন্তে জ্বলাই দিলে মাতৃক, ঘৰ-দুৱাৰ ভাঙি খেদি দিলে বৃদ্ধ দম্পতীক

1 min read

তেজপুৰৰ মহিলাক জীৱন্তে জ্বলাই হত্যা কৰা বুলি On Camera প্ৰতিৱেশীয়ে দম্ভালি মৰাৰ পাছদিনাই পোহৰলৈ আহিছে একেখন জিলাত ডাইনী অন্ধবিশ্বাসৰ আন এক নাৰকীয় কাহিনী। এইবাৰ ঘটনাৰ স্থান ৰঙাপৰাৰ লালবৰাহী। ডাইনী অন্ধবিশ্বাসৰ বলি হৈ একে গাঁৱৰ এদল লোকে ঘৰ-দুৱাৰ লণ্ডভণ্ড কৰি খেদি দিলে বৃদ্ধ দম্পতীক। যুগ যুগ ধৰি লালবৰাহীত বাস কৰা পৰিয়ালটোৰ চৌহদত থকা প্ৰতিজোপা গছ কাটিও খাস্তাং কৰিলে আক্ৰমণকাৰীয়ে।

ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰা মুল অভিযুক্তকো চিনাক্ত কৰিছে ভুক্তভোগী বৃদ্ধই। একে গাঁৱৰে বশিষ্ঠ বসুমতাৰীৰ নেতৃত্বত আক্ৰমণকাৰীৰ দলে ডাইনী অন্ধবিশ্বাস বিয়পাই দিয়াৰ পোনপটীয়া অভিযোগ ভুক্তভোগীৰ। ডাইনী অন্ধবিশ্বাসৰ বলি হৈ ৰুদ্ৰমূৰ্তি ধৰা দলটোৱে লণ্ডভণ্ড কৰা ঘৰৰ পৰা কোনোমতে পলাই সাৰিল বৃদ্ধ দম্পতী।

হাতৰ টিপতে যি য’ত পাৰে দুই এটা সামগ্ৰী লৈ ৰঙাপৰাৰ লালবৰাহীৰ ঘৰ এৰি অৰুণাচল সীমান্তৰ চাৰিদুৱাৰলৈ পলাই আহিল বৃদ্ধ দম্পতী। ভৰপুৰ ঘৰ এখন থকাৰ পাছতো ডাইনী অন্ধবিশ্বাসৰ বলি হোৱা এদল লোকৰ বাবেই বিগত দুমাহে উৰুখা চালৰ চাৰিবেৰ নথকা ভেটি এটাত আশ্ৰয় ল’বলগা হৈছে দুৰ্ভগীয়া দম্পতীহালে। ইয়াৰ আঁৰত কেৱল অন্ধবিশ্বাসেইনে? নে বৃদ্ধ দম্পতীৰ ভূমিৰ লালসাত অন্ধবিশ্বাসৰ অচিলা লৈছিল বশিষ্ঠ বসুমতাৰী এণ্ড কোম্পানীয়ে? পাছে এই প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ এই পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই শোণিতপুৰ আৰক্ষী কিম্বা প্ৰশাসনে।

বৰষুণ গ’লে জাপি লোৱা আৰক্ষীয়ে জীৱন্তে জ্বলাই দিয়াৰ এদিন পাছত উপস্থিত হ’ল দুৰ্ভগীয়া সংগীতা কাপিৰ ঘৰত। য’ত মাত্ৰ ১৫ ঘণ্টাৰ পূৰ্বে সংগীতাক জীৱন্তে জ্বলাই দিয়া বুলি On Camera দাবী কৰিছিল একাংশ মহিলাই। কিন্তু তেনে লোকৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো ব্যৱস্থা লোৱা নাই তেজপুৰ আৰক্ষীয়ে। আনকি কণমানি পুত্ৰৰ সন্মুখতে সংগীতা কাপিক জীৱন্তে জ্বলাই দিয়া দুই পিশাচক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। মাত্ৰ ৪টা পিশাচক কৰায়ত্ব কৰি হাত সাবটি বহি আছে আৰক্ষী।

ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰায় গাতে লাগি থকা বাঁহবাৰীত ডাইনীৰ দৰে জঘন্য অন্ধবিশ্বাসৰ পৰিণতিত এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়া ঘটনাই উদঙাই দিলে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণ বিভাগৰ পয়ালগা স্বৰূপ। যি কথা স্বীকাৰ কৰিলে আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হোৱা শোণিতপুৰৰ উপায়ুক্তই। আনকি ঘটনাস্থলীৰ প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষাৰো নিৰ্দেশ দিলে উপায়ুক্তই।

সংগীতা কাপিৰ হত্যাকাণ্ডৰ আঁৰতো আছে অঞ্চলটোত সঘনাই দেখা দিয়া ৰোগ ব্যাধি। যাৰ বাবে বাঁহবাৰীৰ ৰাইজে মনে প্ৰাণে বিশ্বাস কৰি লৈছিল ডাইনী অন্ধবিশ্বাসক। সংগীতা কাপিৰ বাবেই বাঁহবাৰীত ৰোগ ব্যাধিয়ে লগ নেৰা বুলি ৰাইজে বিশ্বাস কৰাৰ বাবেই কনমানি সন্তানৰ সন্মুখতে ডেগাৰেৰে হানি-খুছি হত্যা কৰাৰ পাছত জীৱন্তে জ্বলাই দিছিল একাংশই।

এই ঘটনাৰ বাবে অঞ্চলটোত প্ৰচলিত হৈ থকা অবৈধ সুৰাৰ বেহাকো জগৰীয়া কৰিছে জিলা উপায়ুক্তই। একবিংশ শতিকাতো শিক্ষা, স্বাস্থ্য আৰু চৰম দৰিদ্ৰতাৰ সুযোগ লৈ ভুমি সম্পত্তিৰ লোভত একাংশ লোকে ডাইনী অন্ধবিশ্বাসৰ অচিলাৰে সংঘটিত কৰা নাৰকীয় কাণ্ডৰ শীঘ্ৰেই অৱসান ঘটোৱাৰ অংগীকাৰ শোণিতপুৰ প্ৰশাসনৰ।

You May Also Like

More From Author