আপুনি কোষ্ঠকাঠিন্যত ভুগিছে নেকি!

1 min read

আজিকালি সমাজত সাধাৰণতে প্ৰায় মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা অন্যতম প্ৰচলিত অভিযোগ হৈছে কোষ্ঠকাঠিন্য। ইয়াৰ মূল কাৰণ হৈছে আমাৰ খাদ্য আৰু জীৱনশৈলী।

ব্যস্ততাৰে ভৰা জীৱনশৈলীৰ মাজত মানুহে আজিকালি খোৱা-বোৱা ক্ষেত্ৰত গুৰুত্ব আৰুপ কৰিবলৈ পাহৰি গৈছে যাৰ ফলত এনেধৰনৰ সমস্যাই গা কৰি উঠিছে। ইয়াৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ জমা হৈ পৰে, যাৰ ফলত মানুহ অস্বাস্থ্যকৰ আৰু অসুস্থ হৈ পৰে। শক্তি আৰু ভোকৰ অভাৱত চাকৰি,  শিক্ষা,  ঘৰুৱা কাম আদিত মনোনিৱেশ কৰাটো কঠিন হৈ পৰে।

বৰ্তমান সমাজত কোষ্ঠকাঠিন্য হলে ৰেচক ঔষধৰ ব্যৱহাৰ কৰা হয় যদিও ঘৰুৱা উপায়েৰেও ইয়াৰ পৰিত্তাণ পাব পাৰি। ঘৰুৱা পাকঘৰত সহজে উপলব্ধ খাদ্য সামগ্ৰীয়েও হজম শক্তি আৰু মল-মূত্ৰৰ নিয়মিততা বৃদ্ধি কৰি কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱাত সহায় কৰিব পাৰে।

দৈনন্দিন জীৱনত অন্তৰ্ভূক্ত কৰিবলগীয়া শীৰ্ষ ৫টা খাদ্য তলত উল্লেখ কৰা হৈছে-

১.আপেল- আপেলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। আচলতে এটা মধ্যমীয়া আপেলত ৪.৮ গ্ৰাম আঁহ থাকে,  যিটো আৰ ডি আইৰ ১৯% । যদিও সেই আঁহৰ বেছিভাগেই অদ্ৰৱণীয়,  আপেলত দ্ৰৱণীয় আঁহো থাকে,  যিটো বেছিভাগেই পেক্টিন  নামৰ খাদ্য আঁহৰ ৰূপত থাকে। আন্ত্ৰিক অংশত পেক্টিন বেক্টেৰিয়াই দ্ৰুতভাৱে ফেটি এচিড গঠন কৰে,  যিয়ে পানীক বৃহদান্ত্ৰলৈ টানি নিব পাৰে, মল কোমল কৰি আন্ত্ৰিক ট্ৰেনজিট সময় হ্ৰাস কৰে। আনহাতে আপেলে আপোনাৰ খাদ্যত আঁহৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।

২.মিঠা আলু- কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰা আন এবিধ খাদ্য হৈছে মিঠা আলু। এটা মধ্যমীয়া মিঠা আলুত প্ৰায় ১৫০ গ্ৰাম, ৩.৬ গ্ৰাম আঁহ থাকে, যিটো আৰ ডি আইৰ ১৪%। মিঠা আলুত  চেলুল’জ আৰু লিগনিনৰ ৰূপত অদ্ৰৱণীয় আঁহ থাকে। ইয়াৰ উপৰিও ইয়াত দ্ৰৱণীয় আঁহ পেক্টিন থাকে। অদ্ৰৱণীয় আঁহে মলত ডাঙৰ অংশ আৰু ওজন যোগ কৰি মলত্যাগত সহায় কৰে।

৩.বীন, পটল  আৰু মচুৰ দাইল আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিব পৰা আটাইতকৈ সস্তা, আঁহযুক্ত খাদ্য গোটসমূহৰ ভিতৰত অন্যতম। দালিত অদ্ৰৱণীয় আৰু দ্ৰৱণীয় আঁহ দুয়োটাৰে মিশ্ৰণ থাকে। অৰ্থাৎ ইহঁতে মলত ডাঙৰ অংশ আৰু ওজন যোগ কৰি কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে,  লগতে কোমল কৰি পাৰ হ’বলৈ সুবিধা কৰিব পাৰে।

৪. কিউই- এই উল্লেখযোগ্য ফলটোত গেষ্ট্ৰাইটিছৰ গতিশীলতাক উদ্দীপিত কৰা এক্টিনিডিন নামৰ এনজাইমৰ লগতে বিভিন্ন ধৰণৰ ফাইটোকেমিকেল থাকে যিয়ে হজম শক্তি উন্নত কৰে। ১০০ গ্ৰাম কিউইত সাধাৰণতে ২-৩ গ্ৰাম আঁহ থাকে, যিয়ে মল ঘন কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।

৫. চিয়া বীজ- এই ক্ষুদ্ৰ বীজবোৰেই হৈছে আটাইতকৈ আঁহযুক্ত খাদ্য। মাত্ৰ ২৮ গ্ৰাম চিয়াত ৯.৮ গ্ৰাম আঁহ থাকে যিটো দ্ৰৱণীয় (১৫%) আৰু অদ্ৰৱণীয় (৮৫%) দুয়োটা। এই বীজবোৰ যেতিয়া পানীৰ সংস্পৰ্শলৈ আহে তেতিয়া ইহঁতে জেল উৎপন্ন কৰে যিয়ে মল কোমল কৰি সহজে পাৰ হৈ যায়। যিকোনো ধৰণৰ কোষ্ঠকাঠিন্যৰ বাবে ই এক নিখুঁত ঘৰুৱা আৰু প্ৰাকৃতিক প্ৰতিকাৰ।

You May Also Like

More From Author