কম্পিউটাৰ আৰু মোবাইল লাইটৰ ফলত চকুৰ কি গুৰুতৰ ক্ষতি হয় জানেনে?

0 min read

চকুৱেই হ’ল মানুহৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। আজিকালি খৰতকীয়া জীৱনশৈলীত সকলোৱে কম্পিউটাৰ, মোবাইলৰ জৰিয়তে কাম কৰে, কিয়নো ইয়াৰ জৰিয়তে অতি সহজে কামসমুহ সম্পন্ন হয়। বেছিভাগ সময় কম্পিউটাৰ আৰু মোবাইল চাই থকাৰ ফলত চকুৰ বহু ক্ষতি হয়। কম্পিউটাৰ, মোবাইলৰ পৰা ওলোৱা পোহৰে চকুৰ ৰেটিনাৰ ক্ষতি আৰু মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

এই কম্পিউটাৰৰ পোহৰে উচ্চ শক্তি, নীলা পোহৰ উৎপন্ন কৰে, যিটো তিনিশ আশীৰ পৰা পাঁচশ মিলিমিটাৰৰ ভিতৰৰ দৃশ্যমান পোহৰৰ অংশ। এই চুটি তৰংগদৈৰ্ঘ্যবোৰত সৰ্বাধিক শক্তি থাকে, আৰু দীৰ্ঘদিন ধৰি সংস্পৰ্শলৈ অহাটো আমাৰ চকুৰ বাবে আটাইতকৈ ক্ষতিকাৰক। তদুপৰি ই আমাৰ টোপনিৰ ধৰণতো প্ৰভাৱ পেলাব পাৰে।

ইয়াৰ বাবে কি কৰা উচিত জানো আহক

যদি আপুনি লেপটপ আৰু স্মাৰ্টফোন বহুত ব্যৱহাৰ কৰে তেন্তে নীলা পোহৰৰ কাঁচ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াত যন্ত্ৰটোৰ ক্ষতিকাৰক প্ৰভাৱ কিছু পৰিমাণে এৰাই চলিব পাৰি। চকুত চাপ কমকৈ পৰাৰ লগতে টোপনিৰ সময়তো অসুবিধা নহয়। ইয়াৰ উপৰিও প্ৰতি বিশ মিনিটৰ মূৰে মূৰে দহ মিনিটৰ বাবে ডিভাইচটোৰ পৰা আঁতৰি থকাটোও গুৰুত্বপূৰ্ণ।

নীলা পোহৰৰ এটা উৎস হ’ল সূৰ্য্য। গতিকে বাহিৰলৈ ওলাই যাওঁতে ছানগ্লাছ পিন্ধক। ই আপোনাৰ চকুক সুৰক্ষা দিব।

বছৰত অন্ততঃ এবাৰ চকুৰ চিকিৎসকৰ পৰামৰ্শ লওক।

You May Also Like

More From Author