কেদাৰ নাথ মন্দিৰৰ এই বিশেষ কথা জানি লওক

1 min read

কেদাৰ নাথ মন্দিৰ উত্তৰাখণ্ডত অৱস্থিত।ভাৰতৰ শিৱ মন্দিৰ সমূহৰ ভিতৰত কেদাৰনাথ হৈছে এক অন্যতম। ( Religious Studies )

স্কন্দ পুৰাণৰ কথা অনুসৰি-শিৱই পাৰ্ৱতীক কৈছিল-এই ঠাই যিমানেই প্ৰাচীন-সিমানেই মই প্ৰাচীন।এই স্থান মোৰ চিৰ অৱস্থা ভূমি।

পুৰাণৰ কথা অনুসৰি-হিমালয়ৰ কেদাৰ শৃংগত-বিষ্ণুৰ অৱতাৰী নৰ আৰু নাৰায়ণ ঋষিয়ে মহাদেৰ তপস্যা কৰিছিল।তেওঁলোকৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ-শিৱই কেদাৰ লিংগত জ্যোতি লিংগ ৰূপত সদায়ে বাস কৰিম বুলি বৰ প্ৰদান কৰে।

মহাভাৰতৰ পঞ্চ-পাণ্ডৱ জয়ী হোৱাৰ পাছত-তেওঁলোক পাপৰ জুইত বুৰ গৈছিল কাৰণ*তেওঁলোকৰ হাতত বহুতো লোকে প্ৰাণ হেৰুৱাইছিল।এই পাপৰ পৰা মুক্ত হবলৈ পঞ্চ-পাণ্ডৱে শিৱৰ দৰ্শন লাভ কৰি আৰ্শীবাদ লব বিছাৰিছিল।কিন্তু মহাদেৱে পঞ্চ-পাণ্ডৱক দেখা দিব বিচৰা নাছিল।পঞ্চ-পাণ্ডৱে যাতে শিৱক কেতিয়াও লগ নাপায়-তাৰবাবে শিৱই কৈলাশৰ পৰা আহি-কেদাৰ শৃংগত বাস কৰিছিল।কিন্তু পঞ্চ-পাণ্ডৱে শিৱক বিচাৰি বিচাৰি আহি-কেদাৰ শৃংগত উপস্থিত হৈছিল।

তাত পঞ্চ-পাণ্ডৱক দেখি শিৱই ম’হৰ ৰূপ ধাৰণ কৰিছিল।ম’হৰ ৰূপ ধাৰণ কৰি শিৱই অন্য ম’হৰ জাকৰ সৈতে চৰি ফুৰিছিল!পঞ্চ-পাণ্ডৱে লাহে লাহে এই কথাটো অনুমান কৰিব পাৰিছিল।সেয়হে ভীমে নিজৰ শৰীৰৰ বিশাল ৰূপ ধাৰণ কৰি দুখন পাহাৰৰ ভাজত নিজৰ ভৰি দুখন মেলি দিছিলে।আৰু ভীমৰ ভৰিৰ তলেৰে সকলো জীৱ-জন্তু পাৰ হৈ গৈছিল,কিন্তু ম’হ ৰূপী শিৱ ৰৈ গল-কাৰণ-ভৰিৰ তলেৰে শিৱ পাৰ হৈ যোৱাত অস্বীকাৰ কৰিছিল।সেয়ে ম’হ ৰূপী শিৱ নিজৰ ঠাইতে ৰৈ গল আৰু তেতিয়া ভীমে অনুমান কৰিব পাৰিলে এয়া যে-কোনো সাধাৰণ ম’হ নহয়। ( Religious Studies )

ভীমে ম’হটোক লগা লগ জপিয়াই ধৰোঁতে ম’হৰূপী শিৱই পাতালত লুকাবলে লয়। কিন্তু ভীমে ম’হটোৰ পাছৰ অংশ জোৰেৰে সাৱটি ৰাখে।শিৱই-পঞ্চ-পাণ্ডৱৰ ভক্তি আৰু কঠোৰ সংকল্পত সন্তষ্টি হৈ-তেওঁলোকৰ আগত নিজৰ ৰূপ দৰ্শন দিয়ে আৰু পঞ্চ-পাণ্ডৱক আৰ্শীবাদ কৰি পাপৰ পৰা মুক্তি কৰে।

সেই স্থানতে পঞ্চ-পাণ্ডৱে কেদাৰ নাথ মন্দিৰ নিৰ্মাণ কৰে আৰু তেতিয়াৰেপৰা মহাদেৱ শিৱক ম’হৰ পাছৰ আকৃতিৰ ৰূপত কেদাৰ নাথত পূজা-অৰ্চনা কৰি অহা হৈছে।

উল্লেখ যে-কেদাৰ নাথ মন্দিৰৰ দুৱাৰ শীত ঋতুত বন্ধ কৰি দিয়া হয়।মন্দিৰৰ পুৰুহিতে এগছ বন্তি জ্বলাই সন্মান সহকাৰে ছয়মাহৰ বাবে-কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়ে।এই ছয়মাহ কেদাৰ মন্দিৰৰ ওচৰে-পাজৰে কোনো লোকে বাস নকৰে।আচৰিত কথাটো হল-এই ৬মাহ বন্তি গচি নুনুমোৱাকৈ নিৰন্তৰ জ্বলি থাকে।

You May Also Like

More From Author