গুৱাহাটী হ’ব ক্লীন, নাথাকিব ডাষ্টবিন!

1 min read

গুৱাহাটী মহানগৰী পৰিষ্কাৰ কৰিবলৈ অহৰহ চেষ্টা কৰিয়েই আছে GMCয়ে। লৈছে ইটোৰ পাছত সিটো বৃহৎ বৃহৎ প্ৰকল্প। কিন্তু আজিকোপতি সম্পূৰ্ণ সফল হ’ব পৰা নাই গুৱাহাটী পৌৰ নিগম। আজিও মহানগৰীৰ বিভিন্ন পথ-উপ পথত জমা হৈ থকা জাৱৰৰ দ’মৰ ওচৰেৰে পাৰ হওতে নাক কোচাবলগীয়া হয় মহানগৰবাসী। উলিয়াব পৰা নাই কোনো স্থায়ী সমাধান। শনিবাৰে পুনৰ এক বৈঠকত মিলিত হয় গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়া আৰু ফাঁচীবজাৰৰ ব্যৱসায়ীসকল।
উজানবজাৰস্থিত গুৱাহাটী পৌৰনিগমৰ কাৰ্যালয়ত ফাঁচীবজাৰ ব্যৱসায়ীসকলৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ বিষয়ববীয়াৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ ফাঁচী বজাৰ স্থানান্তৰ আৰু জে’ল চৌহদৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাকলৈ অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া।
ফাঁচীবজাৰ জে’ল চৌহদত ডাম্পিং গ্ৰাউণ্ড হোৱা নোহোৱাক লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মৃগেন শৰণীয়াই। মহানগৰীত জাৱৰ নিষ্কাষণ কেন্দ্ৰসমূহ স্থাপন হ’লে গুৱাহাটীৰ পথৰ পৰা ডাষ্টবিনসমূহ নোহোৱা হৈ যাব আৰু ৰাস্তা-ঘাট সম্পূৰ্ণ নিকা হৈ উঠিব বুলি দাবী কৰে মেয়ৰগৰাকীয়ে। জাৱৰ নিষ্কাষণ কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। য’তে ত’তে পেলনীয়া জাৱৰ পেলালে জৰিমনা ভৰিব লাগিব নাগৰিকে।
আনহাতে, ফাঁচীবজাৰৰ স্থানান্তৰ কৰাক লৈও মন্তব্য কৰে মেয়ৰ মৃগেন শৰণীয়াই। পুৰণি জে’ল চৌহদত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ লোৱা কথাটো মানি ল’ব পৰা নাই ফাঁচীবজাৰ ব্যৱসায় সন্থাই। পৰৱৰ্তী সময়ত এই সন্দৰ্ভত পুনৰ বৈঠকত মিলিত হ’ব ব্যৱসায়ী সন্থা আৰু গুৱাহাটী পৌৰ নিগম।

You May Also Like

More From Author