জহা চাউল খোৱা লোকৰ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কম

1 min read

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত খেতি কৰা জহা ধান, সুগন্ধি ধান তেজৰ গ্লুক’জ কমোৱাত আৰু ডায়েবেটিছ ৰোগ ৰোধ কৰাত ফলপ্ৰসূ আৰু সেয়েহে ডায়েবেটিছ ব্যৱস্থাপনাত ই পছন্দৰ ফলপ্ৰসূ নিউট্ৰাচিউটিকেল।

পৰম্পৰাগত দাবী অনুসৰি জহা চাউল খোৱা লোকৰ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কম। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন চাইন্স এণ্ড টেকন’লজিৰ বিজ্ঞানীসকলে সুগন্ধি জহা ধানৰ পুষ্টিকৰ গুণৰ সন্ধান কৰে। পৰমিতা চৌধুৰীৰ সৈতে ৰাজলক্ষ্মী দেৱীয়ে তেওঁলোকৰ গৱেষণাত সুগন্ধি জহা ধানৰ পুষ্টিকৰ গুণৰ সন্ধান কৰে। এই গৱেষণাত তেওঁলোকে দুটা অসংপৃক্ত ফেটি এচিড লাভ কৰে, লিনোলিক এচিড(ওমেগা-৬) আৰু লিনোলেনিক এচিড(ওমেগা-৩)।

এই প্ৰয়োজনীয় ফেটি এচিড (যিবোৰ মানুহে উৎপাদন কৰিব নোৱাৰে) বিভিন্ন শাৰীৰিক অৱস্থা বজাই ৰখাত সহায় কৰিব পাৰে। ওমেগা-৩ ফেটি এচিডে ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ, কেন্সাৰ আদি কেইবাটাও বিপাকীয় ৰোগ প্ৰতিৰোধ কৰে। ডায়েবেটিছ ৰোগী এন্দুৰৰ তেজৰ গ্লুক’জ কমোৱা আৰু ডায়েবেটিছ আৰম্ভ হোৱা ৰোধ কৰাত জহা চাউল ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।

ইয়াৰ উপৰিও জহা চাউলত এন্টিঅক্সিডেন্ট, ফ্লেভনয়ড, ফেনলিক আদিও প্ৰচুৰ পৰিমাণে পোৱা যায়। ৰিপ’ৰ্ট কৰা কিছুমান জৈৱ সক্ৰিয় যৌগ হ’ল অৰিজেনল, ফেৰুলিক এচিড, ট’ক’ট্ৰাইনল, কেফেইক এচিড, কেটেচুইক এচিড, গেলিক এচিড, ট্ৰাইচিন ইত্যাদি।  প্ৰত্যেকৰে এন্টিঅক্সিডেন্ট, হাইপ’গ্লাইচেমিক আৰু কাৰ্ডিঅ’-প্ৰটেক্টিভ প্ৰভাৱৰ ৰিপ’ৰ্ট কৰা হৈছে।

 

 

 

Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওঁক

You May Also Like

More From Author