দুই যুৱতীৰ মাজত প্ৰেম, হাছিনা-কৰিশ্মাৰ প্ৰেম কাহিনীয়ে খলকনি তুলিছে ছচিয়েল মিডিয়াত

1 min read

দুই যুৱতীৰ প্ৰেম কাহিনীয়ে কিছুদিন ধৰি খলকনিৰ সৃষ্টি কৰিছে ছচিয়েল মিডিয়াত। দুই যুৱতীৰ মাজত প্ৰেম, তাৰ পিছতে এংগেজমেণ্ট। দুয়োৰে প্ৰেম আৰু এংগেজমেণ্টক লৈ ইতিমধ্যে সংবাদ মাধ্যমত খবৰো প্ৰকাশ পাইছে। গোটেই জীৱন একেলগে থকাৰ প্ৰতিজ্ঞা লৈছে এই দুই যুৱতীয়ে।

সৰুপথাৰ উৰিয়ামঘাট অঞ্চলৰ বিদ্যাপুৰ গাঁৱৰ মহম্মদ মইন উদ্দিনৰ কনিষ্ঠা কন্যা মিছ হাছিনা বেগম ওৰফে তনবীৰ খান। পিতৃয়ে জনোৱা মতে, মেট্ৰিক পাছ কৰি হাছিনাই প্ৰায় তিনি বছৰমানৰ আগতেই যোৰহাটৰ এটা NGOত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। ঘটনাৰ আৰম্ভণি তেতিয়াৰে পৰা।

বিদ্যাপুৰৰ মিছ হাছিনা ওৰফে তনবীৰ খানে সেই NGOতে কাম কৰা অন্য এগৰাকী যুৱতী কৰিশ্মা দাসৰ প্ৰেমত পৰিল। প্ৰেম ক্ৰমাৎ গভীৰ হ’ল। হাছিনাক নিজৰ লাইফষ্টাইল সলনি কৰাৰ উদ্দেশ্যৰে কৰিশ্মাই গুৱাহাটীলৈ জোৰ কৰি পঠিয়ালে আৰু পৰৱৰ্তী সময়ত কৰিশ্মা দাস বোনামৰ যুৱতীগৰাকীও গুৱাহাটীলৈ আহি দুয়ো একেলগে থাকিবলৈ ল’লে।

দুয়োৰে প্ৰেম গভীৰৰ পৰা গভীৰ হৈ পৰাৰ পিছত এংগেজমেণ্টো কৰিলে। পৰিয়ালৰ লোকে সেই কথা গম পাই বহুত বুজাই পৰায়ো হাছিনাক ঘৰলৈ ওভতাই আনিব নোৱাৰিলে। সংবাদ মাধ্যমত তেওঁলোকৰ প্ৰেম আৰু এংগেজমেণ্টৰ বিষয়ে ভাইৰেল হ’ল। যাক লৈ অসন্তুষ্ট হয় পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক।

শেষত বুধবাৰে পিতৃ মইন উদ্দিনে সৰুপথাৰৰ ক’ৰ্টত উপস্থিত হৈ সম্পূৰ্ণ আইনী পক্ৰিয়াৰ মাজেৰে নিজ কন্যা হাছিনা বেগম ওৰফে তনবীৰ খানক ত্যাজ্যপুত্ৰী ঘোষণা কৰিলে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। বৃক্ক ৰোগত আক্ৰান্ত অসুখীয়া পিতৃ তথা পৰিয়ালবৰ্গ মানসিকভাৱে ভাঙি পৰিছে। সমাজৰ বিপৰীতে তথা নিজা ধৰ্ম আৰু পৰম্পৰা উলংঘা কৰা বাবেই মিছ হাছিনা বেগম ওৰফে তনবীৰ খানৰ ওপৰত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে পৰিয়ালৰ লোকে।

You May Also Like

More From Author