ধ্বংসৰ দিশেৰেই আগুৱাইছে মানুহ! OpenAI ৰ চিইঅ’ পদৰ পৰা বৰ্খাস্ত কৰা ছেম অল্টমেনৰ মন্তব্যক লৈ আৰম্ভ চৰ্চা

1 min read

ChatGPT যি সংস্থাই নিৰ্মাণ কৰিছে অৰ্থাৎ OpenAI ৰ চিইঅ’ পদৰ পৰা ছেম অল্টমেনক বৰ্খাস্ত কৰিছে কোম্পানীয়ে। মাইক্ৰছফটৰ অধীনত থকা এই টেক কোম্পানীৰ নতুন চিইঅ’ হৈছে ভাৰতীয় বংশোদ্ভূতৰ মিৰা মুৰাতি। ছেম অল্টমেনক বৰ্খাস্ত কৰাৰ পাছতেই OpenAIৰ সহ প্ৰতিষ্ঠাতা গ্ৰেগ ব্ৰুকমেনেও ইস্তাফা দিছে।

কিয় বৰ্খাস্ত কৰা হৈছে ছেম অল্টমেনক?
সংবাদ সংস্থাৰ সূত্ৰৰ খবৰ অনুসৰি তেওঁক আৰু ভৰষাত ল’ব পৰা নাই কোম্পানীয়ে। যাৰবাবে তেওঁক বৰ্খাস্ত কৰা হৈছে। চিইঅ’ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পাছতেই ছেম অল্টমেনে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘মই OpenAIৰ সৈতে ভাল সময় এখিনি কটালো। প্ৰতিভাৱান ব্যক্তিৰ সৈতে কাম কৰিবলৈ পায় মই খুবেই সুখী। কিন্তু তাৰমাজতেই…’

AI ৰ ভৱিষ্যতক লৈ কি ক’লে ছেম অল্টমেনে?
সম্প্ৰতি ছানফ্ৰান্সিসকোত অনুষ্ঠিত এছিয়া, পেছিফিক ক’ অপাৰেছনত তেওঁ বক্তব্য ৰখাৰ সময়ত কয়, ‘আত্ম ধ্বংসৰ পথলৈ মানৱজাতি আগুৱাইছে। সমাজত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ গুৰুত্বৰ হ’ব পাৰে। আৰ্টিফিছিয়েল ইণ্টেলিজেন্স এতিয়ালৈকে মানুহে আৱিষ্কাৰ কৰা সকলোতকৈ কাৰ্যকৰী প্ৰযুক্তি। কিন্তু এই প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ইয়াৰ বেয়া দিশসমূহ চিহ্নিত নকৰিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে।’ ইয়াৰোপৰি অল্টমেনে বক্তব্যত কৈছিল, ‘আমাক নতুন আইডিয়াৰ দৰকাৰ। মানৱজাতি হিচাপে আমি দিনকদিনে নিজক ধ্বংসৰ পথলৈকে লৈ গৈ আছো। নতুন প্ৰযুক্তি দৰকাৰ যাৰবাবে বিগত কেইটামান বছৰ ধৰি আমি প্ৰযুক্তিৰ ন ন আৱিষ্কাৰ হৈছে। শেহতীয়াকৈ AI প্ৰযুক্তিৰ উদ্ভাৱনৰ পাছতেই অন্য এক সম্ভাৱনাময় ভৱিষ্যত আমি দেখা পাইছো। কিন্তু ইয়াৰ মাজতেই ভাৱিবলগা বিষয়টো এয়াই যে, ইয়াৰ অপব্যৱহাৰ কৰিব পৰা বহু থল আছে। ইয়াৰ অপব্যৱহাৰে বিচ্ছৃংখল পৰিবেশৰ সৃষ্টি কৰিব পাৰে। ইয়াৰোপৰি খুব সোনকালেই বিশ্বত দুটা ডাঙৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। এটা হৈছে ২০২৪ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু আনটো ভাৰতৰ লোকসভা নিৰ্বাচন। এই পৰিস্থিতিত AIব্যৱহাৰেৰে সমাজত মিথ প্ৰচাৰ বা ভুৱা খবৰ বিয়পিব পাৰে।’

AI ৰ বহু ভাল দিশ থাকিলেও ইয়াৰ অপব্যৱহাৰে কিন্তু সামাজিক বিচ্ছৃংখলতা বিয়পাব পাৰে। ছেম অল্টমেনে এই সন্দৰ্ভত কয়, ২০২০ৰ পৰাই শক্তি, স্বাস্থ্যকে ধৰি সকলো দিশতেই AIৰ ব্যৱহাৰ ব্যাপকভাৱে বাঢ়িছে।

নিৰ্বাচনত AI ৰ প্ৰভাৱ

নিৰ্বাচনৰ সময়ত AI ব্যৱহাৰক লৈ যথেষ্ট চিন্তিতও ছেম অল্টমেনসহ বিশ্বৰ টেক দুনীয়াৰ অন্যান্য শীৰ্ষ কৰ্তাসকল। তেওঁলোকে এই বিষয়টোক লৈ মতো প্ৰকাশ কৰিছে। তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰক লৈ ব্যাপকভাৱে চিন্তিত। মেটাৰ ছিফ প্ৰডাক্ট অফিচাৰ ক্ৰিছ কক্সে জনোৱা অনুসৰি, তেওঁলোকে হোৱাইট হাউছ আৰু অন্যান্য নিৰ্বাচনী নেতাসকলৰ সৈতে ল্যাঙ্গুয়েজ মডেল LIama 2 তৈয়াৰৰো পৰিকল্পনা কৰিছে।

 

কান্দোনত ভাঙি পৰিছে কিম জং উন! ভয়ানক বুলি বিবেচিত উত্তৰ কোৰিয়াৰ নায়কৰ কান্দোনৰ আঁৰৰ ৰহস্য কি?

You May Also Like

More From Author