পুনৰ মাটিৰ দালাল চক্রৰে জড়িতৰ অভিযোগত এজনক গ্রেপ্তাৰ, জুৰি শৰ্মা নামৰ এগৰাকী মহিলাক গ্রেপ্তাৰ চাইবাৰ চেলৰ

1 min read

ক্ষীপ্ৰগতিত চলিছে দিছপুৰ ৰাজহ চক্ৰৰ ভূমি নথি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া। দালাল, অধিবক্তা, ডি চি অফিচ, উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ একাংশ খকোৱা চৰকাৰী কৰ্মচাৰী এতিয়া আলহী হৈছে ক্ৰাইম ব্ৰাঞ্চৰ। মাটিৰ দালাল চক্ৰৰে জড়িত থকাৰ অভিযোগত মঙলবাৰে পুনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে। এগৰাকী মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে চাইবাৰ চেলে। কনিষ্ঠ সহায়কৰূপে কৰ্মৰত জুৰি শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পানীখাইতি ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত আছিল মহিলা কৰ্মচাৰীগৰাকী। ইয়াৰ লগে লগে দিছপুৰ ভূমি নথি কেলেংকাৰীত জড়িত ১৪ জন অভিযুক্ত এইপৰ্যন্ত গ্ৰেপ্তাৰ হৈছে।

যোৱা শনিবাৰেও ভূমি নথি জালিয়াতিত জড়িত কামৰূপ মহানগৰ জিলাৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ ভৰত ডেকা নামৰ এজন পিয়নক গ্ৰেপ্তাৰ কৰিছিল চাইবাৰ চেলে ৷ ভুৱা নথিৰে পঞ্জীয়ন কৰি দুৰ্বল লোকৰ ভূমি কাঢ়ি খোৱা এই বৃহৎ চক্ৰটোৰ ১৪ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী। গ্ৰেপ্তাৰ হোৱা কেইজন আছিল ক্ৰমে উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ Extra writer, গ্ৰেপ্তাৰ হৈছিল দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ Data Entry অপাৰেটৰ দীপাংকৰ জ্যোতি কলিতা ৷ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ পিয়ন নয়ন কলিতা আৰু নিৰঞ্জন কলিতা ৷ আৰু উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ গৃহৰক্ষী জোৱান পংকজ দাস ৷ এই চক্ৰটোৰ লগত সম্পূৰ্ণ সহযোগ কৰিছিল পিয়ন ভৰত ডেকাই ৷

চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভৰত ডেকাই দীৰ্ঘদিনে নিতুল দাসৰ সৈতে ঘনিষ্ঠতা ৰাখি চলাই গৈছিল নথি জালিয়াতিৰ কামত সহায় ৷ উপাযুক্ত কাৰ্য্যলয়ৰ উপ-পঞ্জীয়ক শাখাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী নিতুল দাসক জেৰাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। উল্লেখ্য যে চতুৰ্থ বৰ্গৰ গ্ৰেপ্তাৰ কৰা প্ৰতিগৰাকী কৰ্মচাৰীয়ে পুনৰ ফাইলৰ নথি-পত্ৰ বিচৰাত সহায় কৰাৰ লগতে গৰাকীৰ মাটি চোৱা চিতাৰ কাম কৰিছিল ৷ উপাযুক্ত কাৰ্য্যলয়তে থাকি ৰাহজ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ নথি সলনি কৰা চৰকাৰী এই কু-চক্ৰটোৰ আঁৰতো আছে এটা শক্তিশালী দালাল চক্ৰ ৷ এই চক্ৰটোয়ে মাটিৰ দাম-দৰ হিচাপ সকলো উলিয়াই লয় ৷ বিপৰীতে বৃহৎ এক ধনৰ বিনিময়ত চৰকাৰী কৰ্মচাৰীৰ চক্ৰটোৱে গৰাকীৰ নাম সলনি কৰে ৷

উল্লেখযোগ্য যে, দিছপুৰ ভূমি নথি কেলেংকাৰীৰ এই সমগ্ৰ ঘটনাটোত এতিয়ালৈ মাথোন দুগৰাকী দালালকহে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ বিপৰীতে দিছপুৰৰ বৰ-বৰ বিষয়া-নেতাৰ সৈতে উঠা বহা কৰা চৌধুৰী উপাধিৰ দুই দালালৰ সন্ধান এতিয়াও উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে নিজ অভিযান যদিওবা আত্মগোপন কৰা দুইজনৰ শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে ৷ আনহাতে, এই সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ যাওতে কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয় ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ বিষয়াৰ নাম ৷ যিসকলৰ আশীৰ্বাদত নিতুল, নিৰঞ্জনহঁতে এনে অসাধু কাম কৰিবলৈ সক্ষম হৈছিল ৷ যাৰ বিৰুদ্ধে উপযুক্ত তথ্য প্ৰমাণ লৈ সাজু হৈ আছে আৰক্ষী ৷ মূল ভলুউম বুকৰ পৰা গৰাকীৰ নাম সলনি কৰা চক্ৰটোৰ বাকী থকা আন অভিযুক্তসকল জালত পৰিলে ভেদ হ’ব বহু নতুন ৰহস্য ৷ কিন্তু দিছপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ ভূমি নথি কেলেংকাৰীত সাৰি যাব নেকি ৰৌ-বৰালী? পুথি খলিহনা গ্ৰেপ্তাৰ কৰিয়েই আৰক্ষীয়ে সামৰিব নেকি দায়িত্ব?

You May Also Like

More From Author