বৰদিনত ডাঙৰ খবৰ! শুক্ৰৰ স্থান সলনিৰ ফলত ভাগ্যৰ চকৰি ঘূৰিব কেইবাটাও ৰাশিৰ লোকসকলৰ

1 min read

বৈদিক জ্যোতিষশাস্ত্ৰত শুক্ৰ গ্ৰহক সম্পদ, বৈভৱ, বৈষয়িক সুখ, বিলাসবহুল জীৱনৰ কাৰক বুলি ধৰা হয়। সেয়ে শুক্ৰৰ অৱস্থান পৰিৱৰ্তনে জ্যোতিষশাস্ত্ৰত বিশেষ তাৎপৰ্য বহন কৰে। আজি মাজনিশা, অৰ্থাৎ ২৫ ডিচেম্বৰত শুক্ৰৰ স্থান পৰিৱৰ্তন হ’ব।

তেওঁৰ নিজৰ ৰাশি তুলাক এৰি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত বৰদিনৰ দিনটোত কেইবাটাও ৰাশিৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব। সেই ৰাশিৰ জাতক-জাতিকাৰ সুখৰ মুখ দেখিব পাৰে।
শুক্ৰই তেওঁৰ নিজৰ ৰাশি তুলাক এৰি বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত বৰদিনৰ দিনটোত কেইবাটাও ৰাশিৰ ভাগ্যৰ পৰিৱৰ্তন হ’ব। সেই ৰাশিৰ জাতক-জাতিকাৰ সুখৰ মুখ দেখিব পাৰে।

বৃষ ৰাশি – শুক্ৰৰ স্থান সলনিয়ে এই ৰাশিৰ জাতক-জাতিকাৰ বাবে সুখ কঢ়িয়াই আনিব পাৰে। দাম্পত্য জীৱন আনন্দৰে ভৰি পৰিব। এই সময়ত অবিবাহিতসকলৰ বিয়া ঠিক হ’ব পাৰে।

বৃষ ৰাশি : কোনোৱে যদি অংশীদাৰী ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে এয়া শুভ সময়। অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ’ব। পৰিয়ালৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব। আদালত সংক্ৰান্তীয় সকলো কামত সফলতা পাব পাৰে।

 

মকৰ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাৰ বাবে সুখৰ সময় এয়া। আপোনাৰ সন্তানৰ জীৱনত ভাল কিছু ঘটনাৰ সম্ভাৱনা আছে। ৰৈ থকা টকা ঘূৰাই পাব পাৰে। তাৰ উপৰি ২০২৪ চনত নতুন ফ্লেট বা ভূমি কিনাৰ সুযোগ আছে।

মকৰ ৰাশি : এই সময়ত আপোনাৰ শৰীৰ সুস্থ হৈ থাকিব আৰু নতুন উদ্যম লাভ কৰিব। প্ৰেমৰ সম্পৰ্কতো ভাল সময় অহাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্ক বিয়াত পৰিণত হ’ব পাৰে। অপ্ৰত্য়াশিতভাৱে টকা আহিব পাৰে আপোনাৰ হাতলৈ।

 

তুলা ৰাশি : শুক্ৰৰ স্থান সলনিয়ে এই ৰাশিৰ জাতক-জাতিকাৰ অৰ্থভাগ্য উন্নত কৰিব। অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব পাৰে। ৰৈ থকা টকা হাতলৈ আহিব পাৰে।

তুলা ৰাশি : ২০২৪ চনত নতুন ফ্লেট বা ভূমি কিনিব পাৰে। স্বাস্থ্য ভালে থাকিব। ব্যক্তিত্বৰ উন্নতি হ’ব। ইয়াৰ উপৰি গৱেষণাৰ কামত সফলতা লাভ কৰিব।

You May Also Like

More From Author