মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

1 min read

কোষ্ঠীত উপস্থিত গ্ৰহৰ অৱস্থানে বিভিন্ন সময়ত বিভিন্ন ৰাজযোগ তৈয়াৰ কৰে। কোষ্ঠীত অনুকূল কক্ষত উপস্থিত গ্ৰহৰ অন্য কক্ষৰ গ্ৰহৰ যুঁটি হ’লে ৰাজযোগ তৈয়াৰ হয়। তেনে ৰাজযোগেই তৈয়াৰ কৰিছে বৃহস্পতি আৰু মঙলে। জ্যোতিষ অনুযায়ী গ্ৰহৰ সেনাপতি মঙলে ২৭ ডিচেম্বৰৰ নিশা ১১ বাজি ৪০ মিনিটত ধনু ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। ইয়াৰোপৰি বৃশ্চিকৰ গোচৰকালত মঙল মকৰ ৰাশিৰ দ্বাদশ কক্ষত অৱস্থান কৰিছে। মেষত উপস্থিত বৃহস্পতিয়ে বক্ৰী অৱস্থাত মকৰ ৰাশিৰ গোচৰ কোষ্ঠীৰ চতুৰ্থ কক্ষত উপস্থিত হ’ব। মকৰৰ ওপৰিও কৰ্কট আৰু কুম্ভ ৰাশিৰতো পৰিবৰ্তনৰ যোগ তৈয়াৰ কৰিছে এই দুই গ্ৰহই। বৃহস্পতি আৰু মঙলৰ মাজত বৰ্তমান মিত্ৰতাৰ সম্পৰ্ক আছে। এই সময়ত এই অৱস্থানৰ কাৰণে দুই গ্ৰহ পৰিবৰ্তন যোগ তৈয়াৰ হৈছে।

জ্যোতিষ মতে পৰিবৰ্তন যোগ যেতিয়া তৈয়াৰ হয় তেতিয়া সেই গ্ৰহৰ অধিপতি কোনো কক্ষত সংযুক্তভাৱে আদান-প্ৰদান কৰে। দুই গ্ৰহই এটাই আনটোক নিজৰ দিশেৰে আকৃষ্ট কৰাবলৈ চেষ্টা কৰে। ইয়াৰ ফলত কেৱল ৰাশিয়েই নহয় বৰং শক্তি আৰু প্ৰকৃতিৰো আদান প্ৰদান ঘটে। বিভিন্ন শুভ যোগৰ মাজত অন্যতম হৈছে এই পৰিবৰ্তন যোগ। মকৰ ৰাশিত সৃষ্ট এই যোগে সমস্ত ৰাশিৰ জাতকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ ফলত কোন কোন ৰাশি লাভাম্বিত হয়? জানি থওক সবিশেষ।

কৰ্কট ৰাশি
পৰিবৰ্তন যোগ তৈয়াৰ হ’লে আটাইতকৈ বেছি লাভাম্বিত হয় কৰ্কট ৰাশিৰ জাতকসকল। স্বাস্থ্য ভালে থাকে। এই ৰাশিৰ ষষ্ঠ স্থানত মঙলে অৱস্থান কৰিছে। এই কক্ষৰ অধিপতি বৃহস্পতি। মঙলৰ আধিপত্য যুক্ত কক্ষ দশম স্থানত বক্ৰী অৱস্থাত বৃহস্পতিয়ে অৱস্থান কৰিছে। ইয়াৰ ফলত কৰ্কট জাতকসকল লাভাম্বিত হ’ব। কৰ্মক্ষেত্ৰত পৰিবৰ্তনৰ মুখামুখি হ’ব এই ৰাশিৰ জাতকসকল। চাকৰি পৰিবৰ্তনৰ যোগ আছে। ইয়াৰোপৰি আপোনাৰ ইচ্ছাপূৰণ হ’ব। বিদেশ বা দূৰ যাত্ৰাও কৰিব পাৰে।

মকৰ ৰাশি
পৰিবৰ্তন যোগ মকৰ ৰাশিৰ জাতকৰ বাবেও অনুকূল প্ৰমাণিত হ’ব। এই সময়ত মকৰ ৰাশিৰ জাতকে সমস্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। বিদেশ যাত্ৰাৰ সুযোগ পাব এই ৰাশিৰ জাতকে। বৃহস্পতিৰ বক্ৰী অৱস্থাত চতুৰ্থ স্থানৰ পৰা লাভ প্ৰদান কৰিব। ভায়েক-ভনীয়েকৰ সৈতে সম্পৰ্ক ভালে থাকিব। সম্পৰ্কত পূৰ্বে অহা তিক্ততা সমাপ্ত হ’ব। ইয়াৰোপৰি আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব। বিদেশত সম্পত্তি বা গাড়ী কিনাৰ ইচ্ছা পূৰণ হ’ব। ইয়াৰবাবে ধনো ব্যয় হ’ব পাৰে এই ৰাশিৰ জাতকৰ।

কুম্ভ ৰাশি
এই ৰাশিৰ তৃতীয় স্থানৰ অধিপতি হৈছে মঙল। এই ৰাশিৰ তৃতীয় কক্ষৰ অধিপতি মঙল। বৃহস্পতিৰ আধিপত্য যুক্ত একাদশ কক্ষত বিৰাজ কৰিছে। একাদশ কক্ষৰ অধিপতি বৃহস্পতি মঙলৰ আধিপত্য যুক্ত তৃতীয় কক্ষত বিচৰণ কৰিছে। ইয়াৰ ফলত সৃষ্ট পৰিবৰ্তন যোগে কুম্ভ ৰাশিৰ জাতকৰ ভাগ্যোন্নতি ঘটিব পাৰে। ভৌতিক সুখ লাভ কৰিব এই ৰাশিৰ জাতকে। শাৰীৰিক সমস্যাৰ পৰা মুক্তি পাব। নিজৰ সপোন পূৰণ আৰু লক্ষ্য লাভত সফল হ’ব এই ৰাশিৰ জাতক। কঠিন পৰিশ্ৰমৰ ফল ভোগ কৰিব এই ৰাশিৰ জাতকে। ইয়াৰফলত কাঙ্খিত পদোন্নতি আৰু বেতন বৃদ্ধি হ’ব পাৰে এই ৰাশিৰ জাতকৰ।

You May Also Like

More From Author