মহাভাৰতৰ এই ৯টা সূত্ৰ সদায় মনত ৰাখিব

1 min read

মহাভাৰত খন পঢ়িবলৈ সময়ৰ নাটনি হ’লেও ইয়াৰ পৰা যদি আমি এই ৯টা সূত্ৰ বুজি লওঁ, তেন্তে আমাৰ জীৱন যাপন কৰাত সহজ হৈ পৰিব ৷ ( Assamese Fact )

1. ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতেই আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে, তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব৷

#কৌৰৱ

2. আপুনি লাগিলে যিমানেই পৰাক্ৰমী কিম্বা বলবান নহওক কিয়, কিন্তু আপুনি যদি অধৰ্মৰ পক্ষত আছে, তেন্তে আপোনাৰ শক্তি/ আপোনাৰ বিদ্যা-শিক্ষা/ বৰদান/ অস্ত্ৰসস্ত্ৰ সকলো নিষ্ফল হৈ পৰিব৷

#কৰ্ণ

3. সন্তানক ইমান উচ্চাকাংক্ষী তথা মহত্বাকাংশীও কৰি নুতুলিব, যিয়ে নেকি নিজৰেই বিদ্যাৰ অপপ্ৰয়োগ কৰি নিজৰ বিনাশ কৰাৰ লগতে সৰ্বনাশ মাতি আনিব পাৰে৷

#অশ্বত্থামা

4. কেতিয়াও কাৰোবাক নিজৰ মুখেৰে এনে প্ৰতিশ্ৰুতি দিব নেলাগে, যিয়েনেকি এদিন আপোনাক অধৰ্মী বিধৰ্মীৰ সমুখত মূৰ দোঁৱাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব৷

#পিতামহ_ভীষ্ম

5. সম্পত্তি, শক্তি অথবা ক্ষমতাৰ অপপ্ৰয়োগৰ পৰিণাম আৰু দুৰাচাৰীৰ শেষ পৰিণতি বিনাশ হোৱাটো নিশ্চিত৷

#দুৰ্যোধন

( Assamese Fact )

6. লোভ, মোহ, অজ্ঞানতা, মদিৰা আৰু অন্ধৰ হাতৰ ক্ষমতাইও বিনাশৰ দিশে লৈ যায়৷

#ধৃতৰাষ্ট্ৰ

7. যদি আপোনাৰ বিদ্যা আৰু বিবেকক সদব্যৱহাৰ কৰে তেন্তে বিজয় নিশ্চিত৷

#অৰ্জুন

8. প্ৰত্যেক টো কাৰ্যতে চল, কপটতা কিম্বা ঠগ প্ৰবঞ্চনাৰে আপুনি সফলতা লাভ কৰিব নোৱাৰে৷

#শকুনি

9. যদি আপুনি নীতি, ধৰ্ম, কৰ্ম সততাৰে পালন কৰে, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই আপোনাক পৰাজিত কৰিব নোৱাৰে৷

#যুধিষ্ঠিৰ

You May Also Like

More From Author