মিত্ৰতা নকৰালৈকে হাৰিয়েই থাকিব কংগ্ৰেছ : বদৰুদ্দিন আজমল

1 min read

AIUDF ৰ কাৰণে নিৰ্বাচন বহুত ভাল হ’ব ৷ AIUDF ৰ কাৰণে নগাঁও, কৰিমগঞ্জ, ধুবুৰী ভাল হৈছে ৷ আমি খেলিম, আমি জিকিম ৷ এই মন্তব্য AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ ৷ বিলাসীপাৰাত শনিবাৰে অনুষ্ঠিত হোৱা এক দলীয় সভাত এই মন্তব্য কৰে আজমলে ৷ উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি AIUDF এ আৰম্ভ কৰিছে নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ ৷ বিলাসীপাৰা জিলা কমিটিৰ উদ্যোগত বিলাসীপাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত গুটিপাৰা হক বজাৰত শনিবাৰে অনুষ্ঠিত হয় AIUDF ৰ এখন ৰাজহুৱা সভা ৷ এই ৰাজহুৱা সভাত ধুবুৰীৰ সাংসদ তথা AIUDF প্ৰধান বদৰুদ্দিন আজমলে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে পৰাজয়ৰ সন্মুখীন হ’ব লগা হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ বদৰুদ্দিন আজমলে কয়, কংগ্ৰেছ আৰু হাৰিব, হাৰিয়ে থাকিব ৷ যেতিয়ালৈকে AIUDF ৰ সৈতে মিত্ৰতা নকৰে তেতিয়ালৈকে কংগ্ৰেছ হাৰি থাকিব, শেষ হৈ থাকিব ৷ লগতে সাংসদগৰাকীয়ে কয় যে, অসমত সংখ্যালঘু মানুহক বাংলাদেশীৰ লেবেল লগাইছে কংগ্ৰেছে ৷ অসমত সৰ্ববৃহৎ ডিটেনশ্বন কেম্প বনাইছে কংগ্ৰেছে ৷ ইফালে বিজেপি চৰকাৰক সমালোচনা কৰি আজমলে কয় যে, বিজেপিয়ে চৰ অঞ্চলত মানুহক মাটিৰ পট্টা, বসুন্ধৰা আঁচনিৰ পৰা বঞ্চিত কৰিলে ৷ বিজেপিয়ে আজান, মহিলাৰ বোৰ্খা আদি বন্ধ কৰাৰ চেষ্টা কৰিলে ৷ কিন্তু নোৱাৰিলে ৷ এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ পৰা বিজেপি বন্ধ হ’ব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে ৷অসমত সমষ্টি পুনৰ নিৰ্ধাৰণত নতুনকৈ গঠন হোৱা সমষ্টিৰ ফলত AIUDF ৰ লাভ হৈছে বুলি কয় তেওঁ ৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁৱত AIUDF এ জয়লাভ কৰিব বুলিও মন্তব্য কৰে আজমলে ৷ এই সভাত ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদা, দোলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান আৰু গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমানৰ লগতে বিলাসীপাৰাৰ বিভিন্ন পৰ্যায়ৰ কৰ্ম-কৰ্তাই অংশগ্ৰহণ কৰে

You May Also Like

More From Author