শিৱলিংগত এইসমূহ সামগ্ৰী অৰ্পিত কৰিলে ভোলানাথ প্ৰসন্ন হয়..

1 min read

সোমবাৰে ভগৱান শিৱক জল, গাখীৰ, ভাং, মৌ, কেশৰ, দৈ, চন্দন, আদি অৰ্পণ কৰা হয়।ভোলানাথৰ পূজাত অৰ্পণ কৰা এই-সামগ্ৰীসমূহৰ নিজৰ বেলেগ মহত্ব আছে। ( Religious Studies )

সোমবাৰৰ দিন-ভগৱান শিৱক অৰ্পণ কৰা হয়।কোৱা হয় যে-সোমবাৰে-ভগৱান শিৱৰ শুদ্ধ মনেৰে পূজা কৰিলে-সকলো কষ্টৰ পৰা মুক্তি পোৱা যায় আৰু সকলো মনৰকামনা পূৰ্ণ হয়।মহাদেৱে সদায়ে নিজৰ ভক্তৰ ওপৰত কৃপা বৰষে।মান্যতা অনুসাৰে ভগৱান শিৱক সুখী কৰিবলৈ-সোমাবাৰে পুৱু উঠি স্নান আদি কৰি-ভগৱান শিৱৰ আৰাধনা কৰিব লাগে।এনে মান্যতা আছে যে-এইদিনা-শুদ্ধ মনেৰে- ভোলানাথৰ পূজা কৰিলে সকলো মনৰকামনা পূৰ্ণ হয়।মান্যতা অনুসাৰে ব্যক্তিৰ যিয়ে কষ্ট নাথাকক কিয়-ভোলানাথৰ শৰণলৈ গলে-সকলো কষ্টৰ পৰা মুক্তি পোৱা যায়।

সোমবাৰৰ দিনা-ভগৱান শিৱক-জল,গাখীৰ,ভাংগ,মৌ,কেশৰ,দৈ,চন্দন আদি সামগ্ৰী অৰ্পিত কৰা হয়।ভোলানাথৰ পূজাত শিৱলিংগৰ অভিষেক আৰু শিৱলিংগত অৰ্পিত কৰা-এই সামগ্ৰীসমূহৰ বিশেষ মহত্ব আছে।

শিৱলিংগত এইসমূহ সামগ্ৰী অৰ্পিত কৰিলে ভোলানাথ প্ৰসন্ন হয়-

জল-

ভোলানাথ জলৰ দ্ধাৰা বহুত প্ৰসন্ন হয়।সোমবাৰৰ দিনা-শিৱ মন্দিৰলৈ গৈ-মন্ত্ৰৰ উচ্চাৰণ কৰি-শিৱলিংগত জল অৰ্পণ কৰিব লাগে।ইয়াৰ দ্বাৰা মনুষ্যৰ স্বভাৱ শান্ত হয়।

বেলপাত-

ভাৰতীয় শাস্ত্ৰত-বেলপাতক ভগৱান শংকৰৰ তৃতীয় নয়ন কোৱা হৈছে।বেলপাত মহাদেৱৰ বহুত প্ৰিয়।ভগৱান শিৱৰ পূজাত বেলপাতৰ প্ৰয়োগ কৰিলে-ভক্তৰ মনোকামনা পূৰ্ণ হয়।কোৱা হয় যে-মহাদেৱৰ প্ৰিয় বেলপাতে গম্ভীৰৰ ৰোগৰ পৰা মুক্তি দিব পাৰে।

ভাং-

মান্যতা অনুসাৰে-ভোলানাথক ভাং অৰ্পণ কৰিলে বেয়াবোৰ আৰু অভাৱ অনাতন দূৰ হয়।মহাদেৱৰ ভাং সকলোতকৈ প্ৰিয়।শিৱলিংগত ভাংৰ লেপ দিব পাৰে।ইয়াৰদ্ধাৰা জীৱনৰ পৰা নিগেটিবি দূৰ হয়। ( Religious Studies )

চেনি-

মান্যতা অনুসাৰে-মহাদেৱক চেনিৰে অভিষেক কৰিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি হয়।এনে কৰিলে মনুষ্যৰ জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হয়।

গাখীৰ-

কোৱা হয় যে-মহাদেৱক গাখীৰ অৰ্পণ কৰিলে শৰীৰ সদায়ে ভালে থাকে।লগতে লোকসকল ৰোগৰ পৰা দূৰত থাকে।মহাদেৱক শীঘ্ৰে প্ৰসন্ন কৰিবলৈ সোমবাৰৰ দিনা-মহাদেৱক গৰুৰ কেচাঁ গাখীৰ অৰ্পণ কৰিব লাগে।গৰুৰ গাখীৰ শিৱলিংগত অৰ্পণ কৰিলে-মহাদেৱে ভক্তৰ সকলো মনৰকামনা পূৰ্ণ কৰে।

মৌ-

মহাদেৱক মৌ অৰ্পণ কৰিলে-বাণীত মিঠা আহে।মান্যতা অনুসাৰে মহাদেৱক মৌ অৰ্পণ কৰিলে-ৰোগৰ পৰা মুক্তি পোৱা যায়।

দৈ-

ভোলানাথক দৈ অৰ্পণ কৰিলে-স্বভাৱ গম্ভীৰ হয় আৰু জীৱনত থকা সমস্যাবোৰ দূৰ হয়।

কেশৰ-

মহাদেৱৰ কেশৰো বহুত প্ৰিয়।কোৱা হয় যে-সোমবাৰৰ দিনা শিৱলিংগত কেশৰ মিহলিত গাখীৰ অৰ্পণ কৰিলে-আপোনাৰ সকলো মনৰকামানা পূৰ্ণ হব।আৰু বিবাহ সম্বন্ধিত সমস্যাও দূৰ হব।শিৱলিংগত কেশৰ অৰ্পিত কৰিলে- সৌম্যতা প্ৰাপ্ত হয়।

ঘীউ-

ভগৱান শংকৰক ঘীউ অৰ্পণ কৰিলে-শক্তি বৃদ্ধি হয়।সোমবাৰৰ দিনা- নিজৰ দুৰ্বলতা দূৰ কৰিবলৈ আৰু শক্তি বৃদ্ধি কৰিবলৈ-ঘীউ অৰ্পণ কৰিব লাগে।

You May Also Like

More From Author