সহজেই বনাওক কচু, কণবিলাহী আৰু মাছৰ আঞ্জাখন

1 min read

অসমীয়া সমাজত বহুলোকৰে প্ৰিয় খাদ্যবিধ হৈছে কচুশাক। এই শাকবিধ গ্ৰাম্যঞ্চলত সকলোৰে বাৰীত সহজেই উপলব্ধ। অতি সহজেই বনাব পৰা কচু, কণবিলাহী আৰু মাছৰ আঞ্জাখন-

উপকৰণঃ

মাছ-৩/৪ টুকুৰা

কচুথোৰ- ১ মুঠি

কণবিলাহী-১১/১২টা মান

পিঁয়াজ-১টা,

আদা, নহৰু- ১চামুচ (খুন্দি লোৱা)

ধনিয়া পাত- ১ মুঠি

পকা জলকীয়া-২/৩টা

জালুকগুড়ি- ১ চামুচ

পাঁচফোৰণ- আধা চামুচ

নিমখ- আন্দাজমতে

মিঠাতেল- ৩/৪ চামুচ ডাঙৰ চামুচেৰে

প্ৰথমতে কচুথোৰখিনি ভালকৈ চাফা কৰি কাটি ল’ব। মাছকেইটুকুৰা ভালকৈ ধুই লব। এতিয়া এখন কেৰাহীত অলপ পানী দি কচুথোৰখিনি ৫ মিনিটমান সময় বইল কৰি পানীখিনি পেলাই কচুথোৰখিনি টুকি ল’ব।

আনফালে এখন কেৰাহীত মিঠাতেল দি মাছকেইটুকুৰা ভাজি ল’ব। এতিয়া মাছ ভজা তেলখিনিতে পাঁচফোৰণ দি পকা জলকীয়া, আদা, নহৰু আৰু পিঁয়াজখিনি দি ভালদৰে কিছু সময় ভাজি লব। অলপসময় পাছত কণবিলাহীখিনি দি পুনৰ এবাৰ লৰাই দিব৷ এতিয়া বইল কৰি থোৱা কচুশাকখিনি দি তাত আন্দাজমতে নিমখ, হালধি, জালুকগুড়ি দি আকৌ এবাৰ লৰাই দি ঢাকোন লগাই দিব। যেতিয়া কণবিলাহী আৰু কচুখিনি সিজি আহিব, তেতিয়া জোখমতে পানী দি ভাজি থোৱা মাছকেইটুকুৰা দিব। অলপ সময় ভালকৈ উতলিব দি তাৰপৰা কাটি থোৱা ধনীয়াখিনি দি নমাই থব।

You May Also Like

More From Author