হাগ্ৰামা মহিলাৰীৰ মতে তিনিখন আসনত বিপিএফ হ’ব জয়ী, মন্ত্ৰিত্বও ল’ব কেন্দ্ৰত

1 min read

বাক্সাৰ শিমলাত বিপিএফ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ৷ সভাত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘোষণা, ‘‘ এইবাৰ কোকৰাঝাৰৰ লগতে দৰং-ওডালগুৰি লোকসভা সমষ্টিতো জয়ী হ’ব বিপিএফ

আনকি কেন্দ্ৰীয় চৰকাৰত ল’ব এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদো ৷ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সম্পৰ্কেও মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷ এন ডি এত যোগদানৰ বাবে দিল্লীত বাহৰ পতা সন্দৰ্ভতো মন্তব্য মহিলাৰীৰ ৷ দিল্লীলৈ বোলে ফুৰিবলৈহে গৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ৷

সভাত বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ লগতে আন এগৰাকী প্ৰাক্তন বিধায়ক টিজেন বসুমতাৰীয়ে বিপিএফ দলত যোগদান কৰা বুলি জানিবলৈ দিয়ে ৷ আনহাতে বৰ্তমানলৈকে কোকৰাঝাৰ সমষ্টিৰ বাবে কোনো ব্যক্তিকে প্ৰক্ষেপ কৰা নাই বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ৷

You May Also Like

More From Author