অভিযুক্ত ACS সুকন্যা বৰাৰ সম্পত্তিৰ তালিকা দেখি হতবাক তদন্তকাৰী বিষয়াৰ দল

1 min read

এপিএছচি কেলেংকাৰীৰ অভিযুক্ত সুকন্যা বৰাই ২০১৭ বৰ্ষত ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰিছিল৷ পৰৱৰ্তী সময়ত শীৰ্ষস্থানীয় বিষয়াৰ আৰ্শীবাদত কম সময়ৰ ভিতৰতে পদোন্নতি লাৱ কৰিছিল ADC পদলৈ ৷ মাত্ৰ ছয়বছৰীয়া এই কাৰ্যকালতে সুকন্যা বৰা হৈ পৰিল বহু কোটি টকাৰ সম্পত্তিৰ মালিক৷ সুকন্যাৰ সম্পত্তি দেখি তবধ মানিছে স্বয়ং CM Vigilance ৰ তদন্তকাৰী দল৷

সুকন্যা বৰাৰ নাই কি? মহানগৰীৰ ছটাস্থানত আছে প্ৰাসাদোপম অট্টালিকা৷ মৰিগাঁৱত ৰাজহ চক্ৰ বিষয়া হিচাপে থাকোতেই ক্ৰয় কৰিলে ১৭ বিঘা ২ লেচা মাটি৷ বহু মাটি-সম্পত্তিৰ তথ্য বৰ্তমানলৈকে পোৱাই নাই তদন্তকাৰী বিষয়াই৷ মহানগৰীৰ গান্ধীবস্তি, জয়ানগৰ, হাতীগাঁও, কাহিলীপাৰা, আমিনগাঁৱত আছে বিলাসী অট্টালিকা৷ জয়ানগৰৰ বাসগৃহৰ সা-সৰঞ্জাম দেখি তদন্তকাৰী বিষয়া ভাবিবলৈ বাধ্য হৈছে সুকন্যা সচাকৈয়ে ADC আছিল? নে মাটিৰ দালাল আছিল? কিয়নো ঘৰটোত ব্যৱহৃত প্ৰত্যেকবিধ সামগ্ৰী ক্ৰয় কৰিছিল বিদেশৰ পৰা৷ য’ত এখন চিলিং ফেনৰ মূল্য ১৫ হাজাৰ টকা৷ আছে পঞ্চতাৰকা হোটেল সদৃস পেণ্ট হাউছ৷

টকাৰ খঁকত সুকন্যাই মাতৃক মানসিক ৰোগী সজাই হস্তগত কৰিছিল পৈতৃক সম্পত্তি৷ সুকন্যাই নলবাৰীৰ এখন মানসিক চিকিৎসালয়ত ৰাখিছিল মাতৃক৷ পিছত ঘৰৰ পৰা ভাতৃকো উলিয়াই দিছিল কলংকিত সুকন্যাই৷ টকাই অন্ধ কৰা সুকন্যাই বিভিন্ন প্ৰকাৰে নিজৰ নামত হস্তগত কৰিছিল মাটি-সম্পত্তি৷

ইমানেই নহয়, কাৰ্বি আংলঙত চাকৰি কৰা সময়ত দুৰ্নীতিত জড়িত আছিল নেকি সুকন্যা? সেই উত্তৰ বিচাৰি ভিজিলেন্সে পত্ৰ প্ৰেৰণ কৰিছে কাৰ্বি আংলঙলৈ সংশ্লিষ্ট পক্ষলৈ৷ অন্যহাতে, বৰ্তমানলৈকে তদন্তকাৰী বিষয়াক জমা দিয়া নাই সুকন্যাৰ পাছপ’ৰ্ট৷ গতিকে বিবুদ্ধিত পৰা তদন্তকাৰী বিষয়াই পাছপ’ৰ্টৰ সকলো তথ্য বিচাৰি পাছপ’ৰ্ট কাৰ্যালয়লৈও পত্ৰ লিখিছে৷ তদন্তত পোহৰলৈ আহিছে সুকন্যাই দেশৰ বিভিন্ন প্ৰান্তত অৱসৰ বিনোদনত ব্যয় কৰিছিল বৃহৎ ধন৷

সুকন্যাৰ বাসগৃহৰ পৰা ৮ লাখ টকীয়া কেইবাযোৰ Imported মেখেলা-চাদৰ জব্দ কৰিছে ভিজিলেন্সে৷ লগতে লাখ টকীয়া Imported বাছন-বৰ্তনো জব্দ কৰিছে৷ কিন্তু এইপৰ্যন্ত সুকন্যাই জেৰাত আৰক্ষীক দিয়া নাই কোনো বেংক লকাৰৰ তথ্য৷ যাৰ বাবে সুকন্যাৰ নগদ ধন কিমান আছে সেয়া পোহৰলৈ অহা নাই৷ কিন্তু তদন্তকাৰী বিষয়াই সুকন্যাৰ একাউণ্ট থকা তিনিটা বেংকলৈ পত্ৰ লিখিছে৷ SBI, HDFC আৰু PNBত আছে সুকন্যাৰ একাউণ্ট৷

কেৱল ধন-সম্পত্তিতে সন্তুষ্ট নাছিল কলংকিত সুকন্যা বৰা৷ ক্ষমতাৰ বাবে সকলো পৰ্যায় পাৰ কৰিব পাৰিছিল সুকন্যাই৷ সুকন্যাই বিভিন্ন শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিল৷ এই ঘনিষ্ঠতাৰ সুযোগ লৈ বিভিন্ন স্থানত নিযুক্তি লৈছিল সুকন্যাই৷ আনকি কনিষ্ঠ হৈও গুৱাহাটীত GDDৰ দৰে গুৰুদায়িত্ব লাভ কৰিছিল শীৰ্ষ বিষয়াৰ আশীৰ্বাদতে৷

প্ৰথম অৱস্থাত সুকন্যা প্ৰায় ১০ কোটি টকাৰ সম্পত্তিৰ গৰাকী বুলি ধাৰণা কৰা হৈছিল যদিও সম্পত্তিৰ তালিকা দেখি সেই পৰিমাণ প্ৰায় ৩০ৰ পৰা ৪০ কোটি হ’ব বুলি সন্দেহ কৰিছে ভিজিলেন্সে৷ যি পৰিমাণ সুকন্যাৰ আয়তকৈ প্ৰায় ৪০০ গুণ বেছি৷ ইয়াৰ পৰাই গম পোৱা যায় যে সুকন্যাই সম্পত্তিৰ বাবে কিমান তললৈ নামি দুনীৰ্তিত নিমজ্জিত হৈছিল৷

Source: https://assam.news18.com/

You May Also Like

More From Author