অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙক পুনৰ প্ৰত্যাহ্বান আলফা স্বাধীনৰ, দিলে দুটা চৰ্ত

0 min read

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক পুনৰ প্ৰত্যাহ্বান আলফা স্বাধীনৰ। জি পি সিঙক প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰিছে আলফা স্বাধীনে। দুটা চৰ্ত সাপেক্ষে জি পি সিঙৰ প্ৰত্যাহ্বান গ্ৰহণ আলফা স্বাধীনৰ।

আলফা স্বাধীনে ডিজিপি জি পি সিঙক দিয়া চৰ্ত দুটা হৈছে, জি পি সিঙৰ গাড়ী চালক আৰু নিৰাপত্তাত নিয়োজিত অসম আৰক্ষীক আঁতৰাই চি আৰ পি এফ বা সেনা বাহিনীক ব্যৱহাৰ কৰিবলৈ প্ৰত্যাহ্বান। দ্বিতীয় চৰ্ত হিচাপে, গুৱাহাটীত এসপ্তাহ মুকলিকৈ ঘূৰি চাবলৈ প্ৰত্যাহ্বান জি পি সিঙক।

উল্লেখযোগ্য যে শুকুৰবাৰে কাজিৰঙাত নাম নোলোৱাকৈ আলফা স্বাধীনক প্ৰত্যাহ্বান জনাইছিল ডিজিপি জি পি সিঙে। জি পি সিঙে কৈছিল, ‘‘মোৰ ঘৰ কাহিলিপাৰাত, অফিচ উলুবাৰীত৷ সাধাৰণ লোকক হাৰাশাস্তি কৰাতকৈ পোনপটীয়াকৈ মোৰ ওচৰলৈ আহক৷ যি সংগঠনে অসমী আইক ভাল পাওঁ বুলি কয়, তেওঁলোকেই আকৌ অসমী আইকে আঘাত কৰে৷’’

শিৱসাগৰ আৰু যোৰহাটত সন্দেহযুক্ত আলফাই সংঘটিত কৰা কূটাঘাতমূলক কামকাজৰ সন্দৰ্ভত ডিজিপিগৰাকীয়ে কৈছিল, এই সকলোবোৰ এন আই এৰ লগত যুটীয়াভাৱে তদন্ত কৰা হ’ব ৷

You May Also Like

More From Author