ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। এইবাৰ আমিনগাঁও আজ্ঞাঠুৰীত, আৰক্ষীৰ বন্দুক গৰজি উঠিল ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে। আৰক্ষীৰ গুলীত নিহত হয় ড্ৰাগছ সৰবৰাহকাৰী আব্দুল ছামাদৰ। ওলোটাই আৰক্ষীৰ বুলেটৰ প্ৰত্যাহ্বান জনালে ড্ৰাগচ সৰবৰাহকাৰীয়েও। আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ মাজত গুলীয়াগুলীত আহত হয় তিনিজন লোক আৰু এগৰাকী টেম্পু আৰোহীও। আহতসকলক তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু পিছত নাৰায়ণা হৃদয়ালয়ত স্থানান্তৰ কৰা হয়। আৰক্ষীৰ গুলীত নিহত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম আব্দুল ছালাম আৰু নিহত ছালামৰ ঘৰ গুৱাহাটী হাতীগাঁৱত বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ দলৰ গুলীত আজ্ঞাঠুৰীৰ নুৰ আলি ইছলাম নামৰ দোকানী এজনো গুলীবিদ্ধ হৈ চিকিৎসাধীন হয়।
টেম্পু চালকৰ ভাষ্য অনুসৰি সময় তেতিয়া দিনৰ ১১:৪৫ বাজিছে। আমিনগাঁৱৰ দিশেৰে AS 01 FQ 8535 বগা ৰঙৰ ছুইফট বাহনত ড্ৰাগছ সৰবৰাহকাৰী দুজন আহিছিল হাজো বৰম্বৈৰ দিশে। আমিনগাঁৱৰ পৰা আৰক্ষীয়ে পিছ লৈছিল ড্ৰাগছ সৰবৰাহকাৰীৰ ছুইফট বাহনখনৰ। আজ্ঞাঠুৰী ল ইউনিভাৰচিটিৰ সমুখত খাপপিটি থকা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বাহন ৰখাবলৈ লওতেই আৰক্ষীলৈ গুলী চলাই ড্ৰাগছ সৰবৰাহকাৰীয়ে। আৰক্ষীয়েও গুলীয়াই ড্ৰাগছ সৰবৰাহকাৰীলৈ বুলি। ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত হয় আৰক্ষীৰ মহিলা কনিষ্টবল হিমাজ্যোতি ডেকা। হিমাজ্যোতি ডেকাৰ ঘৰ বোৰ্কা ৰাইপাটত। ল ইউনিভাৰছিটি এণ্ড জুডিচিয়েল একাডেমীত কৰ্তব্য পালনৰ বাবে স্কুটিৰে ঘৰৰ পৰা আহিছিল মহিলা আৰক্ষী কনিষ্টবল হীমাজ্যোতি ডেকা। কৰ্তব্যস্থলী ল ইউনিভাৰচিটিৰ সমুখত স্কুটীৰ ওপৰতে ড্ৰাগছ সৰবৰাহকাৰীৰ দ্বাৰা গুলীবিদ্ধ হয় হীমাজ্যোতি ডেকা। গুলীবিদ্ধ হীমাজ্যতিক নাৰায়ণা চিকিৎসালয়ত ভৰ্তি কৰা হয়।