আন পুৰুষৰ সৈতে সম্পৰ্ক বোৱাৰীৰ, জনাৰ পিছতে ভয়ংকৰ পৰিণতি হ’ল শহুৰেকৰ!

1 min read

পৰকীয়া সম্পৰ্কত সোমাই পৰিছিল বোৱাৰী। আৰু সেই সম্পৰ্ক জনাৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ’ল শহুৰেকে। এই চাঞ্চল্যকৰ অভিযোগত মৃত লোকজনৰ পুত্ৰ বোৱাৰী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দশহৰৰ নৰসেনা অঞ্চলত।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অভিযুক্ত সেই যুৱতীগৰাকীৰ নাম ৰেখা দেৱী। ২৭ বছৰীয়া ৰেখাই জান মহম্মদ নামৰ এজন ব্যক্তিৰ সৈতে বিবাহবহিৰ্ভূত সম্পৰ্কত সোমাই পৰিছিল। সেই সম্পৰ্কৰ কথা গম পাইছিল ৰেখাৰ শহুৰেক ৬৫ বছৰীয়া নাথু সিঙে। অভিযুক্ত ৰেখা দেৱী আৰু তেওঁৰ প্ৰেমিক জান মহম্মদক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জনাইছে, নাথু সিঙে তেওঁলোকৰ সম্পৰ্কৰ কথা জনাৰ ফলতে নিজৰ প্ৰেমিকৰ সৈতে মিলি শহুৰেক হত্যা কৰাৰ চক্ৰান্ত কৰে মহিলাগৰাকীয়ে। ইয়াৰ পিছত দুয়ো মিলি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আৰু ইটাৰে মূৰত মৰিয়াই হত্যা কৰে নাথু সিঙক। তাৰ পিছত মৃতদেহটো এটা পুখুৰীত পেলাই দিয়ে। কিন্তু মৃতদেহটো পুখুৰীত ওপঙি উঠাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা। তদন্তত নামি চিচিটিভি ফুটেজ পৰীক্ষা কৰি ৰেখা দেৱী আৰু তেওঁৰ প্ৰেমিকক চিহ্নিত কৰে আৰক্ষীয়ে। দুয়োকে আটক কৰি আৰক্ষীয়ে সোধা-পোছা কৰাত ঘটনাৰ কথা স্বীকাৰ কৰে তেওঁলোকে। ইয়াৰ পিছতে দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ আগত ৰেখাই আৰু জনাইছে, শহুৰেকক হত্যা কৰাৰ পূৰ্বে চাহৰ সৈতে টোপনি অহা ঔষধ নিজৰ স্বামী আৰু শাহুৱেকক খুৱাই দিছিল, যাতে শহুৰেকক হত্যা কৰাত কোনেও বাধা দিব নোৱাৰে।

You May Also Like

More From Author