বলীউদ জনপ্ৰিয় তাৰকা যুটি ঐশ্বৰ্য ৰায় বচ্চন (Aishwarya Rai Bachchan) আৰু তেওঁৰ স্বামী অভিষেক বচ্চনৰ (Abhishek Bachchan) লগতে তেওঁলোকৰ পৰিয়াল বিগত কিছুদিন ধৰি চৰ্চাত আছে। সকলোৱে কৈছে যে কিবা এটা খেলিমেলি নিশ্চয় হৈছে। দেশৰ বহু সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াত দুয়োৰে বিচ্ছেদৰ কথা চৰ্চিত হৈছে। ইমানলৈ কথা ওলাইছে যে ঐশ্বৰ্যই এতিয়া পৰিয়ালৰ সৈতে একেলগে নাথাকে। অৱশ্যে, শেহতীয়াকৈ কন্যা আৰাধ্যাৰ স্কুলৰ অনুষ্ঠানত দুয়োকে একেলগে দেখা গৈছিল। ঐশ্বৰ্য-অভিষেকেই নহয়, সমগ্ৰ বচ্চন পৰিয়াল উপস্থিত আছিল এই অনুষ্ঠানত। বহুতেই এতিয়া এই প্ৰশ্নও তুলিছে যে যদিহে ঐশ্বৰ্য-অভিষেকৰ বিচ্ছেদ হয়, তেন্তে ঐশ্বৰ্যই কিমান টকা লাভ কৰিব?
অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চন উপস্থিত থাকে কন্যা আৰাধ্যাৰ বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত। কিন্তু দুয়োকে পৃথকে পৃথকে দেখা যায়। তেওঁলোকৰ মাজত দূৰত্ব দৃষ্টিগোচৰ হয় অনুৰাগীৰ। আৰু এয়া স্পষ্ট আছিল যে তেওঁলোকৰ মাজত সংঘাত আছে। ছচিয়েল মিডিয়াত বহু লোকে বিচ্ছেদৰ বিষয়ে উল্লেখ কৰি আছে। যদি মেগাষ্টাৰ অমিতাভ বচ্চনৰ একমাত্ৰ পুত্ৰৰ বিচ্ছেদ হয়, তেন্তে ঐশ্বৰ্য ৰায়ে এলিমনী আৰু ভৰণ-পোষণৰ বাবদ কিমান টকা পাব?
অভিষেক বচ্চন বলীউদৰ এগৰাকী ভাল অভিনেতা হিচাপে পৰিচিত। তেওঁ ৬৮খনৰো অধিক ছবিত কাম কৰিছে। ইয়াৰ ভিতৰত ৩৮খন ফ্লপ হৈছে। তেওঁ ২০০০ চনত ‘ৰিফিউজী’ ছবিৰে অভিনয় জগতত খোজ দিছিল। এই ছবিখনৰ বাবে তেওঁক বেষ্ট ডেব্যু এক্টৰ পুৰস্কাৰ দিয়া হৈছিল। অভিষেক বচ্চনৰ মুঠ সম্পত্তি ২৮০ কোটি। অভিনেতাগৰাকীয়ে প্ৰতিমাহে প্ৰায় ১.৮ কোটি টকা উপাৰ্জন কৰে। তেওঁৰ বছৰি উপাৰ্জন প্ৰায় ২৫ কোটি টকা। তেওঁৰ সম্পত্তি ২৭৫ কোটি টকাৰ আৰু আন সম্পত্তি আছে ৬০ কোটি টকাৰ। যদি ঐশ্বৰ্য আৰু অভিষেকৰ বিচ্ছেদ হয় তেন্তে নিজৰ মাহিলি উপাৰ্জনৰ ২৫ শতাংশ অৰ্থাৎ ৪৫ লাখ টকা এলিমনী দিব লাগিব।
উল্লেখযোগ্য যে ২০০৭ চনৰ ২০ এপ্ৰিলত বিবাহপাশত আবদ্ধ হৈছিল ঐশ্বৰ্য আৰু অভিষেক। দুয়োৰে বিয়াৰ ১৬ বছৰ পাৰ হ’ল। ২০১১ত আৰাধ্যাৰ জন্ম হয়। অভিষেক বচ্চন ভাৰতীয় ছবি জগতৰ এক পৰিচিত নাম। যাৰ ফলত বহু কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ তেওঁ।