কামৰূপ(ম) আয়ুক্তলৈ মুখ্যমন্ত্ৰীৰ কেতবোৰ বিশেষ নিৰ্দেশনা

1 min read

কামৰূপ মহানগৰ আয়ুক্তলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে আয়ুক্তই কোনো ৰাজ্যিক অনুষ্ঠানলৈ যাব নোৱাৰিব। ৰাজ্যিক পৰ্যায়ৰ কোনো অনুষ্ঠানত আয়ুক্তগৰাকীৰ যোৱাৰ দৰকাৰ নাই, তেওঁৰ ঠাইত ৰাজ্যিক পৰ্যায়ৰ বৈঠকত ADCক প্ৰেৰণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে জনায়। জিলাৰ কামত মনোনিৱেশ কৰিবলৈ আয়ুক্তক এই নিৰ্দেশ দিয়া হৈছে।

ৰাজ্যৰ ভিতৰত তিনিদিনতকৈ কম ভ্ৰমণৰ সময়ত আৰু উত্তৰ-পূবৰ ভিতৰত ভ্ৰমণ হ’লে আয়ুক্ত যাব নালাগে বুলি নিৰ্দেশ দিয়া হৈছে। এতিয়াৰে পৰা বিমানবন্দৰত মুখ্যমন্ত্ৰীক আদৰণি বা বিদায়ৰ বাবে আয়ুক্তগৰাকী যাব নালাগে। বৰঞ্চ মুখ্যমন্ত্ৰী বহিঃৰাজ্যলৈ গ’লে তেওঁ বিমানবন্দৰলৈ যাব লাগিব আৰু বিমানবন্দৰত মুখ্যমন্ত্ৰীৰ পৰা দৰকাৰী নিৰ্দেশনা লিখি ল’ব লাগিব। বিমানবন্দৰলৈ আয়ুক্তৰ সলনি ADC (প্ৰট’কল) গ’লেই হ’ব। অৱশ্যে, ৰাষ্ট্ৰপতি-উপৰাষ্ট্ৰতিক আদৰিবলৈ তথা প্ৰধানমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰীক আদৰিবলৈ আয়ুক্ত বিমানবন্দলৈ যাব পাৰে।

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি অবিহনে কোনো সভা-সমিতিত তেওঁ উপস্থিত থাকিব নোৱাৰিব। ইয়াৰোপৰিও, কোনো অনুষ্ঠানৰ মুখ্য অতিথি, সন্মানীয় অতিথি হ’লেও আয়ুক্তগৰাকী সেই অনুষ্ঠানলৈ যাব নোৱাৰিব বুলি নিৰ্দেশনাত কোৱা হৈছে। তদুপৰি এতিয়াৰে পৰা নৈশ ভোজ, দুপৰীয়াৰ আহাৰৰ নিমন্ত্ৰণলৈও তেওঁ যাব নোৱাৰিব। অৱশ্যে, পৰিয়াল আৰু বন্ধুবৰ্গৰ অনুষ্ঠানলৈহে যোৱাৰ অনুমতি পাব। সচিবালয়ত হোৱা বিভাগীয় নিয়মিত বৈঠকত আয়ুক্ত থাকিব নালাগে। প্ৰট’কল বিষয়ৰ কাৰ্যসূচীৰ পৰা তেখেতক অব্যাহতি দিয়া হৈছে। প্ৰয়োজন হ’লে ভিডিঅ’ কনফাৰেঞ্চযোগে তেওঁক সংযোগ কৰা হ’ব।

আনহাতে, আয়ুক্তগৰাকীয়ে তেওঁৰ এখতিয়াৰত থকা বিভাগৰ নিয়মিত বৈঠক পাতিব লাগিব। জিলা পৰ্যায়ৰ সকলো বিষয়াৰে তেওঁ সঘন যোগাযোগত থাকিব লাগিব। পৰাপক্ষত দৰ্শনাৰ্থীক সাক্ষাৎ কৰিব লাগিব আৰু যদি তেওঁ নিজে তেনে কৰিব নোৱাৰিলে কোনো অধীনস্থ বিষয়াক সাক্ষাতৰ অনুমতি দিব লাগিব। আয়ুক্তই বিভিন্ন বিভাগৰ কাৰ্যালয় নিয়মিত পৰিদৰ্শন কৰাৰ লগতে ৰাজাহ চক্ৰ কাৰ্যালয়, জিলা কাৰ্যালয়ও পৰিদৰ্শন কৰিব লাগিব। তেওঁ উন্নয়নমূলক প্ৰকল্পসমূহক সৰ্বাধিক অগ্ৰাধিকাৰ দিব লাগিব। আয়ুক্তৰ কাৰ্যালয়ত কৰ্মসংস্কৃতি, নিয়মানুৱৰ্তিতা গঢ়িব লাগিব। কাৰ্যালয়ত দালাল, মধ্যভুগিৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগিব। তেওঁ জ্যেষ্ঠ বিষয়াক সাক্ষাৎ কৰিবলৈ আগতীয়া অনুমতি ল’ব লাগিব আৰু নিজৰ কামৰ ক্ষতি নকৰাকৈ সাক্ষাতৰ সময় উলিয়াব লাগিব।

You May Also Like

More From Author