মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় বিধানসভা নিৰ্বাচনত বিজেপিৰ এই বিজয়ে প্ৰকৃতাৰ্থত কেইমাহমানৰ পিছত হ’বলগা লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয়ো যেন নিশ্চিত কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা ভাষণ দি এনে দাবী কৰে। মোদীয়ে কয়, “আজিৰ হেট্ৰিকে ২৪তো হেট্ৰিকৰ নিশ্চয়তা প্ৰদান কৰিলে।”
কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে তিনিওখন ৰাজ্যৰ বিশাল বিজয় আচলতে বিজেপিৰ উন্নয়ন নীতি আৰু কেন্দ্ৰীয় চৰকাৰৰ দুৰ্নীতি বিৰোধী স্থিতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰ হেট-ট্ৰিকে ’২৪ৰ গেৰাণ্টীৰ হেট-ট্ৰিক দিলে। এই ফলাফলে প্ৰমাণ কৰিলে যে দেশৰ জনসাধাৰণে দুৰ্নীতি, নেপোটিজিম আৰু পক্ষপাতিত্বৰ ৰাজনীতিক নাকচ কৰিছে। মানুহে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে বিজেপিয়েহে এই তিনিটা সমস্যা সমাধান কৰিব পাৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাক ৰাইজে সমৰ্থন জনাইছে। এই ফলাফলৰ জৰিয়তে দেশৰ জনসাধাৰণে দুৰ্নীতিগ্ৰস্ত নেতাসকলক সকীয়াই দিলে যে এই দুৰ্নীতিগ্ৰস্ত লোকসকলক লুকুৱাই ৰখা, কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক কু-সংস্কাৰ কৰাসকলে উপলব্ধি কৰে যে দুৰ্নীতিৰ বিৰুদ্ধে মানুহৰ সমৰ্থনৰ ফল এইটো।”