গ্ৰেপ্তাৰৰ ভয়ে খেদিছে নিলম্বিত ADC সুকন্যা বৰাক..

1 min read

ধন ঘটাই একমাত্ৰ উদ্দেশ্য আছিল নিলম্বিত ADC সুকন্যা বৰাৰ ৷ ধনৰ খঁকত সুকন্যা বৰাই য’তেই নিযুক্তি পাইছিল তাতেই সংঘটিত কৰিছিল ব্যাপক দুৰ্নীতি ৷ কিন্তু এশ গৰু মাৰিলে বাঘৰ মৰণ হোৱাৰ দৰে অৱশেষত জালত পৰিল সুকন্যা ৷ দুদিন আগলৈকে বিলাসী জীৱন কটোৱা সুকন্যা হ’ব লাগিব কাৰাগাৰৰ আলহী ৷ গৃহবিভাগৰ অনুমোদন পালেই সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰিব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ নিলম্বিত হৈ থকা সুকন্যা হ’ব চাকৰিৰ পৰাও শীঘ্ৰেই বৰ্খাস্ত ৷

উল্লেখযোগ্য যে, তদন্তৰ মাজতে বৃহস্পতিবাৰে চি এম ভিজিলেন্সৰ কাৰ্যালয়ত দিনজোৰা জেৰাৰ সন্মুখীন হৈছিল সুকন্যা বৰা। কিন্তু অতি আশ্বৰ্যজনকভাৱে চি এম ভিজিলেন্সৰ তদন্তত কোনোধৰণৰ সহযোগিতাই কৰা নাই এইগৰাকী চতুৰ বিষয়াই ৷ এনে পৰিস্থিতিত জেৰা কৰা তদন্তকাৰী বিষয়াই দিলে ধমক ৷ বিষয়াৰ ধমকত কান্দি কান্দি তদন্তকাৰী বিষয়াক ধমক নিদিবলৈ অনুৰোধ কৰে সুকন্যাই ৷

ইতিমধ্যে সুকন্যাৰ বিৰুদ্ধে চলি আছে দুটাকৈ বিভাগীয় তদন্ত ৷ এটা চলিছে সাংসদ পুঁজিৰ ধনৰ অপব্যৱহাৰ সন্দৰ্ভত আৰু আনটো আয়তকৈ বৰ্হিভুত সম্পত্তিক লৈ ৷ এই দুয়োটা প্ৰতিবেদন আহিলেই হয়তে গ্ৰেপ্তাৰ হ’ব সুকন্যা ৷ চতুৰ সুকন্যাই প্ৰথমে সম্পত্তি ক্ৰয় কৰে পিতৃৰ নামত, পৰৱৰ্তী সময়ত সেই সম্পত্তি দেউতাকৰ পৰা উপহাৰ হিচাপে নিজৰ নামত কৰি লয় ৷ সুকন্যাৰ দুটাকৈ বেংক একাউন্টত জমা আছে ১ কোটিতকৈ অধিক ধন ৷ কিন্তু বেংক লকাৰৰ তথ্য দিয়া নাই তদন্তকাৰী বিষয়াক ৷ লগতে এতিয়াও তথ্য আহিবলৈ বাকী আছে পাঞ্জাৱ নেচনেল বেংকৰ পৰা ৷ তেতিয়া পোহৰলৈ আহিব প্ৰকৃততে সুকন্যাৰ নগদ ধনৰ পৰিমান কিমান।

বৰ্তমানলৈকে সুকন্যাই দিয়া নাই বেংক লকাৰৰ তথ্য ৷ পাছপৰ্ট সন্দৰ্ভত ব্যুৰ’ অৱ ইমিগ্ৰেচনলৈ পত্ৰ প্ৰেৰণ কৰিছে চি এম ভিজিলেন্সে ৷ বৰ্তমান গুৱাহাটী এৰি অন্য ঠাইলৈ নাযাবলৈ সকিয়নী দিছে তদন্তকাৰী দলে ৷ সুকন্যাৰ সম্পত্তিৰ তথ্য উদঘাটনৰ বাবে সুকন্যাৰ চাকৰিৰ সময়ৰ যাতায়তৰ কিছু তথ্য বিচাৰি শনিবাৰে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যায় চি এম ভিজিলেন্সৰ এটা দল ৷ মুঠৰ ওপৰত সুকন্যা বাচি যাব পৰা কোনো সুৰুঙাই ৰাখিব খোজা নাই চি এম ভিজিলেন্সে।

You May Also Like

More From Author