কা’ আন্দোলনৰ পৰাই আৰম্ভ হৈছিল ভুৱা এনকাউণ্টাৰ – এই অভিযোগ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi)। মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰি অখিল গগৈয়ে ৰাজ্যত চলি অহা এনকাউণ্টাৰ সন্দৰ্ভত কয় যে DGP জি পি সিঙৰ অসমত প্ৰত্যাৱৰ্তনৰ লগে লগেই বৃদ্ধি পাবলৈ লৈছিল ভুৱা এনকাউণ্টাৰ।
অখিল গগৈয়ে কয়, ‘‘মুঠ ১৮৮টা ভুৱা ভুৱা এনকাউণ্টাৰৰ ঘটনা অসম আৰক্ষীৰ জিম্মাত হৈছে। আৰক্ষীৰ হাতত এনে ঘটনাত মৃত্যু হৈছে ৮২জনৰ। শিৱসাগৰৰ, ৰঙিয়া, শদিয়াত এনে ভুৱা এনকাউণ্টাৰ হৈছে।’’
‘‘৯০ দশকৰ ক’লা অধ্যায়ৰ পুনৰাবৃত্তি হ’ব নেকি অসমত, এই আশংকাত এতিয়া অসমৰ ৰাইজ। সভ্যতাৰ বাহিৰত এই ঘটনা। আমি এনে বৰ্বৰ ঘটনা বন্ধৰ বাবে আমি দাবী জনাইছো ৰাইজৰ দলে।’’ – কয় অখিল গগৈয়ে।
DGP জি পি সিঙ আৰু মুখ্যমন্ত্ৰীক এনে ভুৱা এনকাউণ্টাৰ বন্ধ কৰাৰ দাবী জনায় অখিল গগৈয়ে। একেদৰে এনউণ্টাৰক লৈ পুনৰ মুখ খুলিছে বিৰোধীদলৰ দলপতি দেৱব্ৰত শইকীয়াই। তেওঁৰ মতে, এনেবোৰ এনকাউণ্টাৰ শীঘ্ৰে বন্ধ কৰাৰ দাবী তুলিছে।