পিতৃক লৈ কৰা প্ৰশ্নৰ ছুহানাই দিলে অদ্ভুত উত্তৰ,এনে কি উত্তৰ দিলে ছুহানাই?

1 min read

শ্বাহৰুখ খানৰ কন্যা ছুহানা খানে জ’য়া আখতাৰৰ ‘দ্য আৰ্চিজ’ ছবিৰে নিজৰ অভিনয় জীৱনৰ পাতনি মেলিছে। ছুহানাৰ বলীউড অভিষেকৰ বাবে অনুৰাগীসকলে বহুদিন ধৰি অপেক্ষা কৰি আছিল, যিটো এতিয়া শেষ হৈছে। ছুহানাৰ উপৰিও প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশী কাপুৰ, অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দ, বেদাং ৰাইনা, যুৱৰাজ মেণ্ডা, মিহিৰ আহুজাইও এই ছবিখনৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছে। ‘দ্য আৰ্চিজ’ৰ প্ৰচাৰৰ বাবে ছবিখনৰ সমগ্ৰ দলটোৱে অমিতাভ বচ্চনৰ কুইজ ভিত্তিক ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা ক্ৰৌৰপতি, ছিজন ১৫’ত উপস্থিত হয়, য’ত বিগ বিয়ে সকলোকে প্ৰশ্ন কৰে।

অনুষ্ঠানত অমিতাভ বচ্চনে ছুহানা খানক তেওঁৰ পিতৃ তথা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে জড়িত এটা প্ৰশ্ন কৰিছিল। কিন্তু, এই প্ৰশ্নৰ উত্তৰৰ কোনো ধাৰণা নাছিল কন্যা ছুহানাৰ। বিগ বিয়ে সোধা প্ৰশ্নৰ ছুহানাই এনে উত্তৰ দিলে যে বিগ বিয়ে মূৰে কপালে হাত দিব লগা হ’ল। কেৱল এয়াই নহয়, ছুহানাৰ উত্তৰ শুনি অমিতাভ বচ্চনে ছুহানাক ধেমালিৰ ছলেৰে ইতিকিং কৰে।

খণ্ডটোৰ সেই মুহূৰ্তটো ভাইৰেল হৈ আছে, য’ত ছুহানাই পিতৃ শ্বাহৰুখ খানৰ সৈতে জড়িত প্ৰশ্নৰ ভুল উত্তৰ দিছিল। তাতোকৈ ডাঙৰ কথা, ছুহানাৰ উত্তৰত অমিতাভ বচ্চনো স্তম্ভিত হৈ পৰিল। অমিতাভ বচ্চনে ছুহানা খানক সুধিছিল – “এই সন্মানৰ ভিতৰত কোনটো সন্মান শ্বাহৰুখ খানে এতিয়ালৈকে পোৱা নাই?” প্ৰশ্নটোৰ বিকল্প আছিল- ‘(ক) পদ্মশ্ৰী (খ) লিজিয়ন অৱ অনাৰ (গ) L’Etoile D’Or আৰু (ঘ) ভলপি কাপ।’ ইয়াৰ উত্তৰত ছুহানাই ক’লে- (ক) পদ্মশ্ৰী।

ছুহানাৰ অদ্ভুত উত্তৰ শুনি অমিতাভ বচ্চন আৰু বেদাং ৰাইনা আচৰিত হৈ পৰিল। মন্তব্য কৰি বেদাঙে কয়, ‘আপুনি ইমান ভুল কেনেকৈ হ’ব পাৰে?’ বিগ বিয়ে ছুহানাক ইতিকিঙৰ সুৰত কয় – ‘ছোৱালীয়ে নাজানে পিতৃয়ে কি পাইছে!’ পিতৃয়ে কেৱল এইটো কৈ পঠাইছে নেকি যে, “তোমাৰ সমুখত যি বহি থাকিব তেওঁ তোমাৰ পিতৃৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে।”

ছুহানাও অমিতাভ বচ্চনৰ কথাখিনি শুনি অলপ লজ্জিত হৈ পৰিল আৰু লগতে পিতৃৰ সন্দৰ্ভত দিয়া ভুল উত্তৰৰ বাবেও অনুশোচনা কৰিছিল। উল্লেখযোগ্য যে, ২০০৫ চনতে শ্বাহৰুখ খানক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। বিগ বিয়ে ছুহানাক সোধা প্ৰশ্নৰ শুদ্ধ উত্তৰ আছিল – ভলপি কাপ, যিটো শ্বাহৰুখ খানে এতিয়ালৈ লাভ কৰা নাই।

You May Also Like

More From Author