মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে কেতিয়া আৰম্ভ হ’ব আলফা(স্বা)ৰে আলোচনা

1 min read

দেওবাৰৰ সন্ধিয়াৰ পৰা নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে প্ৰমুখ্য কৰি বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰে ৷ দেশৰ ৰাজধানীত বাহৰ পাতি বহুকেইটা চৰকাৰী কাম কৰা মুখ্যমন্ত্ৰী ড° শৰ্মাই শুকুৰবাৰে অসম ভৱনত সাংবাদিকৰ সৈতে মতবিনিময় কৰে। অসম ভৱনত কৰা এই মতবিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “এই মাহৰ ভিতৰত নহ’লে জানুৱাৰীৰ ভিতৰত আলোচনাপন্থী আলফাৰ সৈতে চুক্তিৰ চেষ্টা চলোৱা হৈছে ৷ শান্তি চুক্তিৰ ড্ৰাফট চূড়ান্ত কৰা হৈছে ৷ দুই-এক সালসলনি হ’ব পাৰে ৷ চুক্তিত মুখ্যতঃ অসম চুক্তিৰ ৬ নং দফাৰ বিষয়বোৰ থাকিব ৷ সাংবিধানিক ৰক্ষাকবচ, ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰৰ কথাবোৰ আলফাই কৈছে ৷ কিমানখিনি ৰক্ষা কৰিব পৰা যায়; সেয়া চুক্তি কৰাৰ আগদিনাহে চূড়ান্ত হ’ব।”

মুখ্যমন্ত্ৰী ড° শৰ্মাই লগতে কয়, “আলোচনাপন্থীৰে চুক্তিৰ পিছত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ সৈতে আলোচনা আৰম্ভ হ’ব। মই মুখ্যমন্ত্ৰীৰ হোৱাৰ পিছত ১০-১২ পৰেশ বৰুৱাৰ সৈতে কথা পাতিছোঁ ৷ কথা পতাটোত সমস্যা নাই ৷ কিন্তু তেওঁৰো সীমাবদ্ধতা আছে, মোৰো সীমাবদ্ধতা আছে ৷ কথা পাতিব মন গ’লে কাইলৈও পাতিব পাৰো ৷ কিন্তু দুই-এটা গ্ৰেণেড ফুটালেই জানো অসম স্বাধীন হ’ব? অসমত গ্ৰেণেড লৈ আলফাৰ দুজনমান ল’ৰা সোমাইছিল বুলি খবৰ আছিল ৷ দুজনমানে গ্ৰেণেড লৈ আহি আৰক্ষীৰ ওচৰত জমা দিছে ৷ কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া থাকিলেই এনে কৰাটো ভাল নহয় ৷ অসমী আইৰ বুকুত কোনেনো বোমা ফুটাই? কথাবোৰ পৰেশ বৰুৱাই ভাবি চাব লাগে ৷”

You May Also Like

More From Author