যোৰহাটত সেনা শিবিৰৰ সমীপত বিস্ফোৰণ! এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বাঃ)ৰ

1 min read

যোৰহাটত সেনা শিবিৰৰ সমীপত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। চহৰখনৰ লিচুবাৰীস্থিত ভাৰতীয় সেনা বাহিনীৰ ৪১ চাব এৰিয়া ৰূপে পৰিচিত মিলিটেৰী ষ্টেচনৰ প্ৰৱেশদ্বাৰৰ সমীপত চৌহদৰ ভিতৰত বৃহস্পতিবাৰে নিশা প্ৰায় ৭ বাজি ২০ মিনিটত বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণে সমীপৰ অঞ্চলটো কপাই তোলে।

এই বিস্ফোৰণত সেনা ছাউনীৰ পকীবেৰাৰ ভিতৰফালে থকা এটা ডাষ্টবিন চুচুৰ্মৈ হৈ পৰে। বিস্ফোৰণৰ শব্দ অডিবল CCTVত ধৰা পৰিছে। মন কৰিবলগীয়া যে, বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ দুয়োদিশে প্ৰায় ১-২ কিলোমিটাৰ ব্যাৱধানত দুঠাইত সেনাই তালাচী চলাই আছিল। এই ঘটনাৰ পিছত যোৰহাট SP ঘটনাস্থলীত গৈ দীৰ্ঘসময় ধৰি সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰে। কিন্তু এই বিস্ফোৰণ সন্দৰ্ভত আৰক্ষী বা প্ৰশাসনৰ তৰফৰ পৰা কোনো কথা অৱগত কৰা হোৱা নাই। কিন্তু পৰৱৰ্তী সময়ত সেনা ছাউনীৰ ভিতৰৰ কিছু ঠাই ৰচীৰে বেৰি দিয়া দেখিবলৈ পোৱা যায়। বিস্ফোৰণ সংঘটিত হোৱা স্থানত সেনা ছাউনীটোৰ চৌহদৰ পকীবেৰাৰ উচ্চতা বহু কম আছিল। অৱশ্যে, কিহেৰে বিস্ফোৰণ সংঘটিত কৰা হৈছিল বোমা বিশেষজ্ঞই পৰীক্ষাৰ পাছতহে নিশ্চিত হ’ব।

You May Also Like

More From Author