শ্ৰীগণেশৰ কৃপাদৃষ্টি লাভৰ বাবে পূজাত অন্তৰ্ভূক্ত কৰক এইসমূহ সামগ্ৰী

1 min read

হিন্দু ধৰ্মত যিকোনো শুভ কাম আৰম্ভ কৰাৰ আগতে ভগৱান শ্ৰীগণেশক প্ৰথমে উপাসনা কৰা হয়। বুধবাৰটো ভগৱান শ্ৰীগণেশৰ দিন।এই দিনটোত উপাসনা কৰিলে ভক্তৰ ওপৰত গণপতি বাপ্পাৰ কৃপা দৃষ্টি পৰে।কিন্তু উপাসনাৰ সময়ত কেতবোৰ বিশেষ সামগ্ৰীৰে পূজা কৰিলে ভগৱান শ্ৰীগণেশ সম্পূৰ্ণৰূপে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। আজি এই বিষয়ে জানো আহক-

মোদক

ভক্তসকলে ভগৱান গণেশক সন্তুষ্ট কৰিবলৈ ভোগ হিচাপে মোদক আগবঢ়ায়।বিশ্বাস মতে, ভগৱান গণেশে মোদক খুব বেছি ভাল পায়। মোদক হৈছে নাৰিকল আৰু ঘিউৰ মিশ্ৰণৰ পৰা তৈয়াৰ কৰা এবিধ মিঠাই।

সেন্দুৰ

ৰঙা সেন্দুৰ ভগৱান গণেশৰ অতি প্ৰিয়। এইটো বিশ্বাস কৰা হয় যে শ্ৰীগণেশক গা ধুওঁৱাৰ পিছত ৰঙা সেন্দুৰ প্ৰদান কৰিলে ভক্তসকলে আশীৰ্বাদ লাভ কৰে।এনে কৰাৰ ফলত ঘৰলৈ সুখ আৰু সমৃদ্ধি আছে।

তুলসী আগবঢ়াই উপাসনা নকৰিব

তুলসীৰ বাহিৰে ভগৱান গণেশক প্ৰায় সকলো ধৰণৰ ফুল আগবঢ়াব পাৰি। পুৰাণত উল্লেখ কৰা হৈছে যে ভগৱান গণেশক কেতিয়াও তুলসীৰ সৈতে উপাসনা কৰা উচিত নহয়।

কল

ভগৱান গণেশক কল আগবঢ়াই আৰু সেই প্ৰসাদ নিজে গ্ৰহণ কৰি বহু ৰোগ আৰু ত্ৰুটিৰ পৰা পৰিত্ৰাণ পাব পাৰি। গণপতিক সদায় যোৰাত কল আগবঢ়োৱা উচিত।

দুবৰি

ভগৱান গণেশক দুবৰি প্ৰদান কৰাৰ পৰম্পৰা বহুপুৰণি। এইটো বিশ্বাস কৰা হয় যে দুবৰি সিদ্ধি বিনায়কৰ অতি প্ৰিয়। ৩ বা ৫ টা পাত থকা দুবৰি গণেশক উপাসনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।

You May Also Like

More From Author