হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলত ভাগ্য উদয় হ’ল ইনজামামুল আৰু তেওঁৰ ভিনিয়েকৰ। ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰোভাৰৰ গৰাকী হ’ল কালঝাৰৰ ট্ৰেক্টৰ চালক ইনজামামুল হক। দেওবাৰে নিশা হাউলী ৰাস মহোৎসৱৰ লটাৰি খেলৰ ফলাফল ঘোষণা কৰা হৈছিল। উল্লেখ্য যে, এই লটাৰি খেলখনত ইনজামামুলৰ ভিনিয়েক ছাইফুল ইছলামে ষষ্টদশ পুৰষ্কাৰ ৱাগানাৰ বাহন লাভ কৰিছে। ইনজামামুলৰ লগতে তেওঁৰ ভিনিয়েক ছাইফুলে একেলগে শাৰীপাতি চাৰিটাকৈ টিকট ক্ৰয় কৰিছিল। ছাইফুলৰ ঘৰ জনীয়াৰ ছিতলী গাঁৱত বুলি জানিব পৰা গৈছে।
প্ৰতিবছৰে হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলখনে বিশেষ চৰ্চা লাভ কৰে। এইবাৰো ৯৬ সংখ্যক হাউলী ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যৰ্থে উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছিল। আকৰ্ষণীয় ৭৬ লাখ টকীয়া ৰেঞ্জ ৰোভাৰৰ লগতে ২১ খনকৈ বিলাসী চাৰিচকীয়া বাহন এই লটাৰী খেলৰ উপহাৰ আছিল। সৰ্বমুঠ ৪লাখ টিকটৰ মাজত এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হৈছিল। এই উপহাৰ কুপন খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলে হাউলীৰ কালঝাৰৰ ইনজামামুল হকে।