হাউলী ৰাসত ট্ৰেক্টৰ চালক ইনজামামূলে লাভ কৰিলে ৭৬লাখ টকীয়া ৰেঞ্জ ৰ’ভাৰ

1 min read

বৰপেটাৰ হাউলী ৰাস মহোৎসৱ সমগ্ৰ ৰাজ্যতে অতি জনপ্ৰিয়। প্ৰতিবছৰে এই মহোৎসৱ ১০–১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। হাউলীৰ ৰাসত মূৰ্তি প্ৰদৰ্শনীৰ উপৰিও এই মহোৎসৱত আয়োজন কৰা লটাৰি প্ৰতিযোগিতা অতি বিখ্যাত। উপহাৰ কুপনৰ খেলখনে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াত পুৰষ্কাৰ হিচাপে বিলাসী বাহন দিয়া হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোক ইয়ালৈ আহে আৰু উপহাৰ কুপন ক্ৰয় কৰে। মাত্ৰ ১০০ টকাতে বিলাসী গাড়ী লাভ কৰাৰ বাবে  বহু লোকে আশা কৰে।

হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলৰ প্ৰথম পুৰষ্কাৰ বিলাসী Range Rover বাহন আছিল। ১০০ টকাত ৭৬ লাখ টকীয়া বিলাসী বাহনৰ গৰাকী হ’ল বৰপেটাৰ কালঝাৰৰ ইনজামামুল হক। তেওঁ পেচাত এগৰাকী ট্ৰেক্টৰ চালক। মাত্ৰ ১০০ টাকত সলনি হ’ল ট্ৰেক্টৰ চালক ইনজামামুলৰ ভাগ্য।

এইবাৰো ৯৬ সংখ্যক হাউলী ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সাহায্যৰ্থে উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছিল। ৭৬ লাখ টকীয়া অতি বিলাসী ৰেঞ্জ ৰোভাৰৰ লগতে ২১ খনকৈ আন বিলাসী চাৰিচকীয়া বাহন লটাৰি খেলৰ উপহাৰ আছিল। দেওবাৰে সন্ধিয়া উপহাৰ কুপনৰ খেল অনুষ্ঠিত হয়। সৰ্বমুঠ ৪ লাখ টিকটৰ মাজত উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হৈছিল।

You May Also Like

More From Author