ৰাধাৰ প্ৰেমত বাউলী হ’লেও শ্ৰীকৃষ্ণই কিয় বিয়া কৰোৱা নাছিল প্ৰিয়তমা ৰাধাক?

1 min read

ৰাধা-কৃষ্ণৰ প্ৰেমৰ কাহিনী সৰ্বজনবিদিত। স্বামী থকা স্বত্তেও ৰাধাই কৃষ্ণৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰাখিছিল। এই সম্পৰ্কই লাভ কৰিছিল অমৰ প্ৰেমৰ সন্মান। হিন্দু লোকাচাৰে আজিও বিবাহ বহিৰ্ভূত সম্পৰ্কক মান্যতা নিদিয়ে যদিও শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মাজত থকা সম্পৰ্কক কিয় সকলোৱে মানি লৈছিল? কিয় অমৰ প্ৰেমকাহিনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৰাধা-কৃষ্ণৰ প্ৰেমে?

ৰাধা প্ৰকৃততে কোন?

পুৰাণত উল্লেখ অনুযায়ী, কৃষ্ণ প্ৰকৃততে নাৰায়ণৰ এটা ৰূপ আৰু ৰাধা লক্ষ্মীৰ এটা ৰূপ। ৰাধা-কৃষ্ণৰ প্ৰেম মানুহৰ লগতে ভগৱানৰো চিৰকালৰ সৰ্বশ্ৰেষ্ট প্ৰেম। ৰাধাৰূপী লক্ষ্মীয়ে কৃষ্ণৰ প্ৰেয়সী হৈ মৰ্ত্যলৈ আহিছিল। কিন্তু ইমান ভালপোৱা স্বত্ত্বেও কিয় ৰাধাক বিয়া কৰোৱা নাছিল শ্ৰীকৃষ্ণই? বিভিন্ন মত অনুযায়ী ৰাধাৰ স্বামী আয়ান আছিল প্ৰকৃততে অভিমূন্যহে। গকুলৰ এখন জাকত জিলিকা গাওঁ আছিল বৃন্দাবন। সেই গাঁৱৰেই তেওঁ এজন গোৱাল। আয়ানৰ পিতৃৰ নাম আছিল গোলা আৰু মাতৃৰ নাম আছিল কুটিলা। ৰাধাৰ স্বামী আয়ান সম্পৰ্কত কৃষ্ণক লালন-পালন কৰা মাতৃ যশোদাৰ ভাতৃ। ৰাধাৰ সৈতে আয়ানৰ বিবাহৰ মূল মানুহজনেই আছিল শ্ৰীকৃষ্ণৰ পালক পিতৃ নন্দ। কালীভক্ত আয়ানে পূজা অৰ্চনাতেই সৰ্বাধিক সময় অতিবাহিত কৰিছিল। অন্য বিষয়ত তেওঁ বিশেষ আকৰ্ষণো দেখুওৱা নাছিল। বহুতেই দাবী কৰা অনুযায়ী আয়ান প্ৰকৃততে পুৰুষেই নাছিল।

কৃষ্ণৰ প্ৰেয়সী হৈয়ো ৰাধাই কিয় বিয়া হৈছিল আয়ানেৰে?

প্ৰশ্ন উত্থাপন হয়, লক্ষ্মীৰ অৱতাৰ ৰাধাই শ্ৰীকৃষ্ণৰ সৰ্বকালৰ প্ৰেয়সী হৈয়ো আয়ানৰ সৈতে বিবাহত কিয় মত দিছিল? পুৰাণত উল্লেখ থকা অনুযায়ী পূৰ্বজন্মত আয়ানে লক্ষ্মীদেৱীক পত্নীৰূপে পাবলৈ তপস্যা কৰিছিল। কিন্তু তেওঁক এই দিয়া সম্ভৱ নহ’ল। কোনোবাই বৰ বিচাৰিলে নাৰায়ণে কেতিয়াও নিৰাশ নকৰে। আয়ানে লক্ষ্মীদেৱীক পাবৰ বাবেই চৌদিশে জুই লগাই জুইৰ মাজত বহি কঠিন তপস্যাত ব্ৰতী হৈছিল। উপায়হীন হৈ নাৰায়ণে তেওঁক বৰ দিয়ে যে, পৰজন্মত তেওঁ ৰাধাৰূপী লক্ষ্মীক পত্নী হিচাপে পাব। কিন্তু পৰজন্মত আয়ানে পুৰুষ হৈ জন্মলাভ নকৰে। পুৰুষ হৈয়ো পুৰুষত্ব নাথাকিব আয়ানৰ। ৰাধাই আয়ানক বিয়া কৰালেও তেওঁলোকৰ মাজত স্বামী-স্ত্রীৰ কোনো সম্পৰ্কই নাথাকিব।

অন্য এক লোককথাত উল্লেখ থকা অনুযায়ী, এবাৰ শিশুকালত ৰাধা আৰু কৃষ্ণই খোজকাঢ়ি বৃন্দাবনলৈ গৈছিল। সেই সময়তে ক্লান্ত হৈ দুয়োৱে এজোপা বটবৃক্ষৰ তলত বহি জিৰণি লৈছিল। খেলাৰ মাজতেই দুয়োৱে বিবাহৰ সিদ্ধান্ত লৈ পেলাই। সেই বিয়াৰ সকলো নিয়ম ব্ৰহ্মাই নিজেই কৰে। এই বিবাহৰ সাক্ষী আছিল দেৱতাগণো। কৃষ্ণৰ সৈতে আগতেই বিয়া হৈ যোৱাৰ বাবে আয়ানৰ সৈতে ৰাধাৰ বিয়া বৈধ নহয়। সকলো লোককথাই কিন্তু ৰাধা-কৃষ্ণৰ প্ৰেমক বিবাহ বহিৰ্ভূত সম্পৰ্ক বুলি কোনোপধ্যেই মানি নলয়।

শ্ৰীকৃষ্ণই কিয় বিয়া নকৰালে ৰাধাক?

কৃষ্ণই ৰাধাক বিয়া কৰোৱা নাছিল। আনকি ৰাধাক বিয়াৰ সপোনো দেখা নাছিল কৃষ্ণই। ৰুক্মিণী, সত্যভমাকে আদি কৰি কেবাগৰাকী পত্নী থাকিলেও কৃষ্ণৰ কাষত কেৱল ৰাধাইহে স্থান পাই আহিছে। ৰাধা-কৃষ্ণৰ প্ৰেমক লৈয়ো আছে অনেক কাহিনী। এনে হাজাৰ-বিজাৰ কাহিনীৰ মাজতে ৰাসৰ এই বতৰত বহুতৰ মনলৈ আহিছে এটাই প্ৰশ্ন, ‘ৰাধা আৰু কৃষ্ণৰ কিয় বিয়া নহ’ল?’কৃষ্ণ আৰু ৰাধাৰ প্ৰসংগ উল্লেখ থকা কেবাখনো পুৰাণৰ মতে এবাৰ ৰাধাই কৃষ্ণক বিয়াৰ কথা কৈছিল। তেতিয়া কৃষ্ণই ৰাধাক কৈছিল, ‘বিয়া হয় দুজনৰ মাজত। কিন্তু তুমি আৰু মই এজনেই। তুমিয়েই কোৱা এই বিয়া জানো সম্ভৱ? গতিকে বিয়া কৰাবলৈ হ’লে আমি আনৰ সৈতেই বিয়াত বহিব লাগিব।’

আয়ান কোন আছিল?

কৃষ্ণৰ এই কথাৰ পিছতেই মনত কোনো বেজাৰ নাৰাখি ৰাধাই পিতৃ-মাতৃৰ কথামতে আয়ান নামৰ এজন গাখীৰৰ ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। আয়ানৰ দেউতাকৰ নাম আছিল গোলা, মাকৰ নাম আছিল জটিলা আৰু ভনীয়েকৰ নাম আছিল কুটিলা। কৃষ্ণৰ পালনকৰ্তা মাতৃ যশোদাৰ সম্পৰ্কীয় ভাতৃ আছিল আয়ান। কালীৰ ভক্ত আয়ানৰ সৈতে ৰাধাক বিয়া দিয়াৰ ক্ষেত্ৰত আগভাগ লৈছিল ৰাধাৰ পিতৃয়ে। অধিকাংশ লোককথা অনুযায়ী আয়ান আছিল নপুংসক। সেয়া হ’লেও বিয়াৰ পিছত কিন্তু সংসাৰৰ প্ৰতিটো দায়িত্বই নিয়াৰিকৈ পালন কৰিবলৈ চেষ্টা কৰিছিল ৰাধাই।সংসাৰৰ দায়িত্ব পালন কৰিও ৰাধা আৰু কৃষ্ণই চলাই গৈছিল প্ৰেম। জীৱনৰ বিয়লি বেলাৰ ১৪টা বছৰ একেলগে কটাইছিল ৰাধা আৰু কৃষ্ণই। একাংশ পুৰাণৰ মতে নিজৰ পৰিচয় গোপন কৰি এই সময়ছোৱাত কৃষ্ণৰ ৰাজপ্ৰসাদত সেৱিকা হিচাপে কটাইছিল ৰাধাই।

 

 

 

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author