ৰাম মন্দিৰ উদ্বোধনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে দেশবাসীয়ে। নিৰ্মাণকাৰ্য প্ৰায় সমাপ্তিৰ দিশেই। এইবাৰ আৰম্ভ হৈছে পুৰোহিত নিৰ্বাচনৰ কাম। ইতিমধ্যেই তিনি হাজাৰৰো অধিক লোকে ৰাম মন্দিৰৰ পুৰোহিত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আৱেদন কৰিছে। যদিও পুৰোহিতৰ পদ আছে মাত্ৰ ২০টা। এইবাৰ পুৰোহিত নিৰ্বাচনতো সমস্যাই দেখা দিছে কৰ্তৃপক্ষৰ মাজত।
শ্বৰ্ট লিষ্টিঙৰ কাম আৰম্ভ
ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ ফালৰ পৰা সম্প্ৰতি পুৰোহিত পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। তাতেই হাজাৰ হাজাৰ মানুহে ৰাম মন্দিৰৰ পুৰোহিত হোৱাৰ বাবে আবেদন জনাইছে। খবৰ অনুসৰি প্ৰায় ২০০ জনক ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে শ্বৰ্ট লিষ্ট কৰি ৰখা হৈছে। মেধাৰ ওপৰত ভিত্তি কৰি এই শ্বৰ্ট লিষ্টৰ প্ৰক্ৰিয়া চলিছে বুলি জনাইছে ৰাম মন্দিৰ কৰ্তৃপক্ষ। ইয়াৰপাছতেই অযোধ্যাৰ কৰছেৱৰপুৰমলৈ ইণ্টাৰভিউৰ বাবে মতা হ’ব এইসকল প্ৰাৰ্থীক।
বহিছে ইণ্টাৰভিউ পেনেল
ইণ্টাৰভিউৰ বাবে তৈয়াৰ কৰা হৈছে তিনিজনীয়া সদস্য পেনেলৰ। এই পেনেলত আছে বৃন্দাবনৰ হিন্দু ধৰ্মগুৰু জয়কান্ত মিশ্ৰ, মিথিলেশ নন্দিনী আৰু সত্যনাৰায়ণ দাস নামৰ অযোধ্যাৰ দুই মহন্ত। ৰাম মন্দিৰৰ পুৰোহিত হিচাপে মুঠ ২০ জনক বাচি উলিওৱা হ’ব। ৰাম জন্মভূমি কমপ্লেক্সত পুৰোহিতৰ নানান কামৰ বাবে তেওঁলোকক ইণ্টাৰভিউ পেনেলত বহুওৱা হ’ব। শ্বৰ্ট লিষ্টত থকা সমস্ত প্ৰাৰ্থীয়েই সুযোগ পাব এই ট্ৰেনিঙৰ। আগন্তুক ৬মাহ অযোধ্যাৰ ৰেছিডেন্সিয়েল বিল্ডিঙত পুৰোহিতসকলৰ ট্ৰেইনিং পৰ্ব চলিব।
নিৰ্বাচিত নহ’লেও শ্বৰ্ট লিষ্ট হোৱা সকলো পুৰোহিতেই ট্ৰেইনিং শেষ হোৱাৰ পাছত একোখনকৈ ছাৰ্টিফিকেট লাভ কৰিব। ভৱিষ্যতে পুনৰ কোনো পোষ্ট ওলালে তেওঁলোকক ৰাম মন্দিৰত পুৰোহিতৰ বাবে ইণ্টাৰভিউ’ নোলোৱাকৈয়ে ৰখা হ’ব। সূত্ৰৰ খবৰ অনুসৰি ৰাম মন্দিৰৰ পুৰোহিত নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচন পৰ্বত একাধিক কঠিন প্ৰশ্ন সোধা হৈছে। বিভিন্ন পূজাপাৰ্বনৰ ৰীতি নীতিৰ বিষয়ে খুটি নাটি প্রশ্ন কৰা হৈছে প্ৰাৰ্থীসকলক। যেনেকৈ ভগৱান ৰামৰ সন্ধ্যা বন্ধনৰ পূজা পদ্ধতি, মন্ত্ৰ ইত্যাদি।
ৰাম মন্দিৰৰ পুৰোহিত হিচাপে যোগদান কৰিলে কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে? এই বিষয়টোক লৈ বহুতেই জানিবলৈ আগ্ৰহীও হৈছে। বৰ্তমান ৰাম মন্দিৰৰ মুখ্য পুৰোহিতে লাভ কৰে ২০হাজাৰ টকা। সহায়ক অইন ৪ পুৰোহিতেও ২০হাজাৰকৈ লাভ কৰে মাহিলী দৰমহা। কোঠাৰি নতুবা ভাণ্ডাৰীয়ে পায় ১৫হাজাৰ টকা। ভৃত্যসকলেও পায় ১৫হাজাৰ টকা। ৰামলালৰ পূজাৰ বাবে পন্য সৰবৰাহকাৰীসকলে লাভ কৰে ২১০০ টকা। ইয়াৰোপৰি মালীসকলে লাভ কৰিব ২১০০ টকা।