ধুনীয়া চুলিৰে আপুনিও সকলোকে কৰিব পাৰিব আকৰ্ষণ..

1 min read

দীঘল, ডাঠ আৰু ক’লা চুলি হৈছে প্ৰতিগৰাকী ছোৱালীৰে প্ৰথম পছন্দ। ধুনীয়া চুলিয়ে সকলোকে আকৰ্ষিত কৰাৰ বিপৰীতে শুকান তথা নিষ্প্ৰাণ চুলিয়ে গোটেই চেহেৰাটো নষ্ট কৰে। প্ৰদূষণ, ধূলি আৰু সূৰ্যৰ পোহৰৰ ফলত চুলিৰ সৈতে সম্পৰ্কিত সমস্যা বৃদ্ধি পাইছে। চুলি সৰা, পাতল আৰু শুকান চুলিৰ সমস্যা আজিকালি সচৰাচৰ হৈ পৰিছে।সেয়েহে, চুলিক গুৰিৰ পৰা শক্তিশালী কৰিবলৈ চুলিৰ বিশেষ যত্ন লোৱাটো খুবেই প্ৰয়োজন।আজি সেই বিষয়ে জানো আহক-

চুলিৰ মালিচ

যদি আপুনি আপোনাৰ চুলি গুৰিৰ পৰা শক্তিশালী হোৱাটো বিচাৰে, তেন্তে চুলিৰ মালিচ কৰাটো খুব দৰকাৰী। মালিচ কৰিলে চুলিৰ ৰক্ত সঞ্চালন বৃদ্ধি হোৱাৰ লগতে ইয়াক শক্তিশালী কৰি তোলে। শক্তিশালী চুলিৰ বাবে সপ্তাহত ১-২ বাৰ চুলিৰ গুৰি মালিচ কৰিব লাগে। ৰাতি চুলিখিনি মালিচ কৰি পূৱা ভালদৰে ধুই পেলাব। এনে কৰাৰ ফলত আপোনাৰ চুলি শক্তিশালী, দীঘল আৰু ঘন হৈ পৰিব।

গৰমৰ পৰা সুৰক্ষা

চুলিত অত্যাধিক গৰম লগোৱাৰ ফলত ই দুৰ্বল আৰু নিষ্প্ৰাণ হ’বলৈ আৰম্ভ কৰে।যদি আপুনি চুলি দীঘল আৰু শক্তিশালী হোৱাটো বিচাৰে, তেন্তে চুলিত ষ্ট্ৰেইটনাৰ, হেয়াৰ ড্ৰায়াৰ আদি ব্যৱহাৰ নকৰিব। এইসমূহ ব্যৱহাৰৰ ফলত আপোনাৰ চুলি শুকান হৈ ছিঙি যাব পাৰে। যদি আপুনি এনে ষ্টাইলিং সঁজুলি ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে প্ৰথমে চুলিত তাপ সুৰক্ষা স্প্ৰে ব্যৱহাৰ কৰিব।

ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰিব

অধিক ৰাসায়নিক সামগ্ৰীৰ ব্যৱহাৰৰ ফলত চুলি ছিঙিবলৈ আৰম্ভ কৰে। সেয়েহে, চুলি শক্তিশালী কৰি ৰাখিবলৈ ৰাসায়নিক পদাৰ্থ যুক্ত চেম্পু, কণ্ডিচনাৰ আদি ব্যৱহাৰ কৰা পৰিহাৰ কৰি ভেষজ সামগ্ৰী ব্যৱহাৰ কৰিব।

হেয়াৰ মাস্ক

চুলিৰ বাবে প্ৰ’টিন অতি গুৰুত্বপূৰ্ণ। সেয়েহে আপুনি চুলিত প্ৰ’টিন যোগান ধৰিবলৈ কণীৰে তৈয়াৰ কৰা হেয়াৰমাস্ক ব্যৱহাৰ কৰিব পাৰে। ই চুলিক গুৰিৰ পৰা শক্তিশালী কৰে।তদুপৰি, কণীৰ কুহুমত পেপটাইড পোৱা যায়, যিয়ে চুলিৰ বিকাশত সহায় কৰে।ইয়াৰ বাবে আপুনি ২-৩টা কণীৰ কুহুমৰ লগত অলপ নাৰিকল তেল মিহলাই চুলি তথা মূৰৰ ছালত প্ৰয়োগ কৰিব। ১০-১৫ মিনিটৰ পিছত চুলিখিনি ভালদৰে ধুই পেলাব।

ভিটামিন সমৃদ্ধ আহাৰ খাব

স্বাস্থ্যৰ লগতে ঘন চুলিৰ বাবেও ভিটামিনৰ প্ৰয়োজনীয়। এনে পৰিস্থিতিত, যদি আপুনি আপোনাৰ চুলিৰ গুৰিৰ পৰা শক্তিশালী হোৱাটো বিচাৰে, তেন্তে ভিটামিন-এ, ভিটামিন-ই, জিংক, প্ৰ’টিন জাতীয় খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ।

কুহুমীয়া তেল

যদি আপোনাৰ খুব চুলি সৰে বা ফাটে, তেতিয়া চুলিখিনি কুহুমীয়া তেলেৰে মালিচ কৰিব। ইয়াৰ বাবে তেলখিনি কুহুমীয়া গৰম কৰি চুলি আৰু মূৰৰ ছালত ভালদৰে মালিচ কৰিব।ই চুলি শক্তিশালী কৰিব। মালিচৰ বাবে আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।

You May Also Like

More From Author