মহানগৰীৰ মালিগাঁৱত গ্ৰেপ্তাৰ আলফা(স্বা)ৰ ৩ সদস্য; উদ্ধাৰ অত্যাধুনিক মাৰাণাস্ত্ৰ..

1 min read

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক আলফা(স্বা)ই ভাবুকি দিয়াৰ পাছত মঙলবাৰে ঘটনাক্ৰমে তিনি আলফা(স্বা)ৰ কেডাৰ আটক হয় মহানগৰীৰ মালিগাঁৱত ৷

মালিগাঁৱৰ ৰে’লৱে কলনিৰ(বিবিচি) এঘৰ লোকৰ বাসগৃহত সন্দেহযুক্ত আলফা(স্বা)ৰ কেডাৰ আত্মগোপন কৰি থকাৰ সম্ভেদ লাভ কৰাৰ পাছতে আজি দুপৰীয়া মহানগৰ আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই তিনি কেডাৰক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত আলফা(স্বা)ৰ কেডাৰ কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে অত্যাধুনিক মাৰাণাস্ত্ৰ ৷ আটকাধীন আলফা( স্বা:) কেডাৰ কেইজন হ’ল ৰূপজ্যোতি দাস, মুন দেৱনাথ আৰু অসীম অধিকাৰী ৷

উল্লেখ্য যে,ডিজিপিক আলফা( স্বা:)- এ ভাবুকি দিয়াৰ এপ্তাহৰ পাছতে তিনিজনকৈ কেডাৰক অসম আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ গ্ৰেপ্তাৰ কৰাৰ ঘটনাই বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

কি উদ্দেশ্যে মহানগৰীত অস্ত্ৰ-শস্ত্ৰ সহ আলফা (স্বা:) সদস্য কেইজন বাহৰ পাতি আছিল এই সন্দৰ্ভত মাৰাথন জেৰা অব্যাহত ৰাখিছে ধৃত সদস্য কেইজনক ৷

You May Also Like

More From Author