নগাঁৱৰ ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৩ডিচেম্বৰ:–“বিদ্যালয় আমাৰ বাবে জীৱনৰ গঢ়া কৰ্মশালাই নহয় বিদ্যালয়সমূহে আমাৰ জাতি গঢ়াৰ কৰ্মশালা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিগত দিনবোৰত এই বিদ্যালয়সমূহৰ পঢ়ি জাতীয়তাবোধ গঢ়ি আমাৰ ভাষা,সংস্কৃতি আৰু সাহিত্য টনকিয়াল কৰা একাংশ মণিষীৰ বাবে আমি অসমীয়া এটা চহকী সংস্কৃতিৰ জাতি হিচাপে ঠিয় হৈ আছোঁ।” নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শনিবাৰে মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত “ছাত্ৰ-ছাত্ৰীৰ শাৰিৰীক,মানসিক আৰু বৌদ্ধিক বিকাশ” শীৰ্ষক আলোচনাচক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকি “প্ৰতিদিন টাইম”ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই এইদৰে কয় । তেওঁ লগতে কয় যে এটা জাতি জীয়াই থাকিবলৈ হলে তিনিতা উপাদানৰে নিৰ্ভৰশীল হ’ব লাগিব। সেই তিনিটা হৈছে নিজস্ব ভাষা,সংস্কৃতি আৰু সাহিত্য। আমাৰ নিজস্ব ভাষা আছে,চহকী সংস্কৃতি আছে আৰু সাহিত্যৰ সম্ভাৰ আছে। আমাৰ ভাষাটোক লৈ আমি স্বাভিমান। বিগত কালত চৰকাৰী মাধ্যমৰ বিদ্যালয়ে অসমীয়া ভাষাটোৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শিক্ষা ব্যৱস্থাটো চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কেন্দ্ৰিক হোৱাটো দুৰ্বলতা। সকলোতে স্কিল ডেভেলপমেন্ট হ’বই লাগিব। আমাৰ নৰেন্দ্ৰ মোডী কিমান চোকা আমি নাজানো। কিন্ত তেওঁৰ ব্যক্তিত্বক কোনোবাই অস্বীকাৰ কৰিব পাৰিব নেকি? ডাঙৰ চাকৰি কৰিলেই ডাঙৰ মানুহ নহয়।
উল্লেখযোগ্য যে ১৯৪৮ চনত প্ৰতিষ্ঠা হোৱা বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষত ৭৫ বছৰত উপনীত হৈছে। এই মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানটি শনিবাৰৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পাছত স্মৃতি তৰ্পণ কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰোহিনী বৰাই। পাছত হলিৰাম শইকীয়াৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে বিশিষ্ট পৰিবেশবিদ অৰণ্য মানৱ,পদ্মশ্ৰী যাদৱ পায়েঙে। দুপৰীয়া অনুষ্ঠিত আলোচনাচক্ৰত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি সাহিত্যিক হৃষিকেশ গোস্বামীয়ে কয় যে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ মাজতে সম্ভাৱনীয়তা আছে। আমি সৰুতে জীৱন বোধ নজনা বাবে ভুল পথে যাওঁ। সকলোৰে মাজত প্ৰতিভা থাকে,সেই প্ৰতিভা পৰিস্ফূত কৰিবলৈ বাবে ভাল শিক্ষক লাগে। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু গীত মাত,নৃত্য-নাটকৰ সমাহাৰে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ’ব। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author