মহাদেৱে সৃষ্টিৰ সঞ্চালনৰ বাবে-অৰ্ধনাৰীশ্বৰ ৰূপ লৈছিল।ইয়াৰ দ্বাৰা এয়া স্পষ্ট হৈ যে-স্ত্ৰী আৰু পুৰুষ দুয়ো-এজনে আনজনৰে পূৰ্ণ হয় আৰু এজনে-আনজনৰ অবিহনে অসম্পূৰ্ণ হয়।এয়াই সৃষ্টিৰ নিয়ম।
ত্ৰিদেৱত শিৱ এক হয়।ব্ৰহ্মাদেৱক সৃষ্টিৰ ৰচিয়তা মনা হয়,বিষ্ণুক পালক আৰু মহাদেৱক সংহাৰক মনা হয়।শ্ৰী বিষ্ণুক হৰি আৰু মহাদেৱক হৰ কোৱা হয়।ভক্তসকলে দুয়োৰে নাম- হৰি-হৰ একেলগে কয়।আৰু একেশ্বৰৰ সংজ্ঞা দিয়া হয়।
পুৰাণৰ অনুসাৰে ভগৱান বিষ্ণুৰ ২৪টা অৱতাৰ আছে।যত তেওঁ মূল স্বৰূপত-কোনো প্ৰাণীৰ দেহৰ ৰূপত ৰাখি থৈ গৈছে।সেইদৰে মহাদেৱেৰো বহু অংশ অৱতাৰ আছে।তাৰে এক স্বৰূপ-অৰ্ধনাৰীশ্বৰ।
অৰ্ধনাৰীশ্বৰ’ৰ আশয়-
আধা নৰ আৰু আধা নাৰীৰ দ্বাৰা হয়।ঈশ্বৰৰ সমক্ষ নৰ-মাদাৰ মাজত কোনো ভেদ নাই।যেনে-শ্ৰী হৰি(ভগৱান বিষ্ণুৱে)পুৰুষৰ ৰূপত বহু লীলা কৰিছে।সেইদৰে তেওঁ মোহিনী ৰূপত নাৰীও হৈছিল।
শ্ৰী হৰ(ভগৱান শিৱৰো)বহু অংশৱতাৰ আছে।মহাদেৱেও নাৰী ৰূপ লৈছিল।যাক-অৰ্ধনাৰীশ্বৰ কোৱা হয়।ইয়াৰ অৰ্থ হৈছে-আধা স্ত্ৰী আৰু আধা পুৰুষ।
শিৱৰ এই স্বৰূপত আধা অংশত পুৰুষ আৰু আধা ভাগত স্ত্ৰী ৰূপী উমা অৰ্থাৎ শক্তিক দেখা যায়।মান্যতা অনুসাৰে-এই ৰূপৰ ফলস্বৰূপে সংসাৰ সকলো প্ৰাণী নৰ-মাদা হল।সৃষ্টিৰ আৰম্ভ হল।
অৰ্ধনাৰীশ্বৰ শিৱকে মনা হয়।ব্ৰহ্মাদেৱৰ অনুৰোধত-মহাদেৱে স্ত্ৰী-পুৰুষ দুয়োৰে উৎপত্তিৰ বাবে-এই ৰূপ লৈছিল।ইয়াৰ দ্বাৰা এয়া অনুভৱ কৰিব পাৰোঁ যে-স্ত্ৰী আৰু পুৰুষ-দুয়ো এজনে আনজনে পূৰ্ণ হয় আৰু এজনে-আনজনৰ অবিহনে অসম্পূৰ্ণ হয়।পৃথিৱীত প্ৰথম পুৰুষজনৰ নাম-মনু আৰু স্ত্ৰীৰ নাম শতৰূপা হয়।
মনুৰ সন্তান হোৱাৰ বাবে-মনুষ্যক মানৱ কোৱা হয়।তেওঁৰ দ্বাৰা-প্ৰিয়ব্ৰত,উত্তানপাদ আদি ৭জন পুত্ৰ আৰু ৩গৰাকী কন্যা উৎপন্ন হল।এইদৰে ঈশ্বৰীয় মায়াৰ দ্বাৰা সংসাৰৰ সমস্ত জীৱৰ উৎপত্তি হল।মহিদেৱৰ কান্তিময় শক্তিয়ে দক্ষ প্ৰজাপতিৰ পুত্ৰী হল।ব্ৰহ্মাদেৱৰ মানস পুত্ৰয়ে-তেওঁলোকক বিবাহ কৰালে।