প্ৰাক্তন আছু নেতা অজয় বড়োকে আদি ডেৰ শতাধিক লোকৰ UPPL দলত যোগদান।

1 min read

তামুলপুৰত ইউ পি পি এলৰ যোগদান কাৰ্যসূচী। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত প্ৰাক্তন আছু নেতা অজয় বড়োকে আদি ডেৰ শতাধিক লোকৰ UPPL দলত যোগদান।

UPPL দলত যোগদান সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক অজয় বড়োৰ লগতে আন বহু লোকৰ।

যোগদান সভাত প্ৰমোদ বড়োৰ মন্ত্যৱ- BTR ত এতিয়া সুন্দৰ পৰিৱেশ আহিছে। যাৰ বাবে সকলোৱে UPPL দলত যোগদান কৰিছে।

অনুষ্ঠানৰ শেষত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত BTR কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে- চন্দন ব্ৰহ্ম UPPL দলত অহা কথাটো সঁচা। যিদিনা চন্দন ব্ৰহ্ম UPPL দলত যোগদান কৰিব সিদিনা BPF দল ৭৫ শতাংশ নাইকিয়া হৈ যাব। যি ২৫ শতাংশ বাকী থাকিব সেয়া লোকসভাৰ পিছত শূণ্য হৈ যাব।BPF ক শূণ্য কৰাৰ অপাৰেচন আমাৰ সিদিনা সম্পূৰ্ণ হব। কেৱল চন্দন ব্ৰহ্ম নহয় বহু প্ৰাত্তন MCLA আৰু MLA সকলো যোগ দিব UPPL দলত।

নতুনকৈ UPPL দলত যোগদান কৰা অজয় বড়োই কয় যে, BPF ৰ শাসনকালত বিটিচিত হত্যা হিংসাৰ লগতে দাবী ধমকিৰে ভোটদান চলাইছিল। প্ৰমোদ বড়োৰ দিনত শান্তি, উন্নয়ন আহিছে যাৰ বাবে আমি এই দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছোঁ।

You May Also Like

More From Author