সন্তানক পঢ়াত মন বহুৱাবলৈ জানক এই ৫ টা টিপছ…

1 min read

*শিশুসকলক পঢ়া-শুনা বিশেষকৈ হোমৱৰ্কৰ পৰা সাধাৰণতে-দূৰত থাকিব বিচাৰে।ইয়াৰ কাৰণ হল-শিশুৱে খেলা-ধুলা বা বৰ্তমান মোবাইল গেম খেলিবলৈ বেছি ভালপায়।

অভিভাৱকসকলক উদ্দেশ্যি বিশেষজ্ঞসকলে কৈছে যে-যদি সন্তানে মবাইল লৈ ব্যস্ত থাকে-তেন্তে সেই মবাইলতে স্কুলৰ হমৱৰ্কৰ লগতে পঢ়া-শুনাৰ পাঠ্যসূচী আপলোড কৰি লব পাৰি।মবাইল চোৱাৰ সময়ত-শিশুসকলে সেয়া সহজে-আয়ত্ত কৰিব পাৰিব।এয়া এক সহজ পদ্ধতি বুলি মত প্ৰকাশ কৰিছে-বিশেষজ্ঞই।

*স্কলৰ হোমৱৰ্কৰ প্ৰতি বিমুখতাৰ বাবে-বেছিভাগ শিশুৱে সঠিক সময়ত-তেওঁলোকৰ হোমৱৰ্ক শেষ কৰিব নোঁৱাৰে।ফলত একেবাৰে-স্কুল খোলাৰ সময়ত-শিশুসকলে হোমৱৰ্ক শেষ কৰিবলগীয়া হয়।ইয়াৰ বাবে-প্ৰত্যেক পিতৃ-মাতৃয়ে হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হয়।এই সময়ত শিশুসকলৰ লগত বন্ধুৰ দৰে-আচৰণ কৰি-শিশুসকলৰ মনৰ ওচৰ চাপিব লাগে।খেলাৰ চলেৰে-শিশুসকলৰ সৈতে-এই কাম কৰাব লাগে। গালি-গালাজ-কৰিলে নহব।

*শিশুৰ মনত যাতে-কোনো বিৰূপ প্ৰভাৱ নপৰে।তাৰবাবে-প্ৰত্যেকজন পিতৃ-মাতৃয়ে সদায় সচেতন হব লাগে।যেনে-সদায় ঘৰৰ পৰিৱেশ শান্ত কৰি ৰখা অতি আৱশ্যক।বিশেষ কৰি-অতিৰিক্ত গালি-গালাজ কোনো শিশুৱে ভাল নাপায়।সেয়ে-শান্ত ভাৱে-শিশুসকলক বুজাই পঢ়া-শুনাৰ প্ৰতি মনোযোগী কৰি তুলিব লাগে।

*বিশেষজ্ঞসকলে জনাইছে যে- হোমৱৰ্ক যে কিমান গুৰুত্বপূৰ্ণ সেয়া কোনো শিশুৱে বুজিব নিবিচাৰে।সকলো শিশুৰ মেধা শক্তিও প্ৰখৰ নহয়।সেয়ে-ধৈৰ্য্যৰ সৈতে-শিশুৰ হোমৱৰ্কৰ লগত পঢ়া-শুনাত আগ্ৰহী কৰি তুলিব লাগে।

*ইয়াৰ উপৰিও স্বাস্থ্যক লৈও প্ৰত্যেক পিতৃ-মাতৃ সচেতন হোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই।স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য সদায় খুৱাব লাগে।লগতে-শিশুৰ ঘৰত পঢ়া-শুনাৰ এক সময়সূচী তৈয়াৰ কৰি দিব লাগে।যাতে-বাকী সময়ত শিশুসকল নিজৰ মতে থাকিব পাৰে।(সংগ্ৰহিত)।

You May Also Like

More From Author