নগাঁৱৰ কাছমাৰি চলচলিত জনজাতীয় পৰম্পৰাৰে গাওঁ বাসীৰ মংগলৰ বাবে পূজা অৰ্চনা কৰি পৰম্পৰাগত ৰীতি নীতিৰে খালে এসাজ।

1 min read

 

নগাঁও জিলাৰ এখন জনজাতীয় গাওঁ। গাওঁখনৰ নাম কাছমাৰি চলচলী জনজাতী গাঁও । ১৮৮১ চনৰ পৰাই প্ৰতি বছৰৰ আঘোন মাহৰ শেষৰটো দেওবাৰে উদযাপন কৰি আহিছে এক সুকীয়া উৎসৱ । জিলা খনৰ কাছমাৰি চলচলীৰ কালিকা থানত জনজাতীয় লোকসকলে দেওবাৰৰ দিনটোতে পালন কৰি আহিছে পৰম্পৰাগত ৰীতি নীতিৰে এই উৎসৱ।

এয়া কালিকা থানৰ দৃশ্য। থানখনত আঘোনৰ অন্তিমটো দেওবাৰে উদযাপন কৰা হয় এই উৎসৱ। পুৱাৰ পৰাই উদুলি মুদুলি গা‌‌‌ওবাসী।এই উৎসৱৰ বাবে পুৱাই এটাকৈ (কুকুৰা)বলিৰ বাবে দিয়ে প্ৰত্যেক ঘৰৰ গৃহস্থই । মুৰ্গীসমুহ জনজাতীয় লোকসকলে পৰম্পৰাগত তথা আধ্যাত্মিকতাৰে কালিকা থানত উপাস্য দেৱতাৰ সন্মূখত বলি দি সকলোৱে গাওঁ বাসীৰ কল্যান তথা অপায় অমংগল দূৰ কৰিবলৈ নেদেখা জনৰ ওচৰত সেৱা লয়। আৰু সন্ধিয়া গাওঁ বাসীয়ে একেলগে বলি দিয়া মুৰ্গী ৰে সমূহীয়া ভোজভাত খায়। উল্লেখযোগ্য যে , সমগ্ৰ কাৰ্যসূচীত মহিলাসকলৰ প্ৰৱেশ নিষিদ্ধ বুলি জনায় উদ্যোক্তা সকলে।

ধিঙৰ পৰা সুৰুজ আলী

You May Also Like

More From Author