গুৰুবাৰৰ পূজাৰ নিয়ম।এই নিয়মসমূহ পালন কৰিলে-ভগৱান বিষ্ণুৰ লগতে দেৱগুৰু বৃহস্পতিৰ আৰ্শীবাদ প্ৰাপ্ত হয়।
*হিন্দু ধৰ্মত গুৰুবাৰৰ দিনটো-ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ পূজাৰ বাবে-সমৰ্পিত।
*হিন্দু ধৰ্মত-ভগৱান বিষ্ণুয পূজাৰ দ্বাৰা-সকলো কষ্টক দূৰ কৰি-মনৰকামনা শীঘ্ৰে পূৰ্ণ হয় বুলি মনা হয়।ভগৱান বিষ্ণুৰ পূজাৰ বাবে-গুৰুবাৰৰ দিনটো অত্যন্ত শুভ আৰু শীঘ্ৰে ফলদায়ী মনা হয়।গুৰুবাৰৰ দিনা-দেৱতাসকলৰ গুৰু বৃহস্পতিদেৱৰো পূজাৰ বাবে-অত্যন্ত শুভ মনা হয়।জ্যোতিষৰ অনুসাৰে-গুৰুবাৰৰ দিনা বিধি-বিধানেৰে পূজা কৰিলে-কুণ্ডলীত বৃহস্পতি গ্ৰহৰ দ্বাৰা শুভ ফল প্ৰাপ্ত হয় আৰু সুখ-সৌভাগ্যৰ প্ৰাপ্তি হয়।
১/ভগৱান বিষ্ণুৰ পূজাত-তেওঁৰ পচন্দৰ পুষ্প তথা পাত-যেনে-কমল,চম্পা,
মালতী,নাৰ্জী-খৰিকাজাই আদিৰ প্ৰয়োগ কৰিব লাগে।এনেদৰে ভগৱান বিষ্ণুক বিশেষ ৰূপে-তুলসী পাত অৰ্পণ কৰিব লাগে।ভগৱান বিষ্ণুৰ পৰা মনে বিচৰা ধৰণে-আৰ্শীবাদ পাবলৈ-গুৰুবাৰৰ দিনা-১০৮ খিলা-তুলসীৰ পাত অৰ্পণ কৰি পূজা কৰিব লাগে।
২/ভগৱান বিষ্ণুৰ পূজাত ভুলটো-চাউল তথা-অগস্ত,মাধৱী ফুলৰ প্ৰয়োগ কৰিব নালাগে।এনেদৰে ভগৱান বিষ্ণুৰ পূজাত-আগৰেপৰা অৰ্পণ কৰা-বাসী ফুল,মৰহি যোৱা-পোকে খোৱা-ফুল ব্যৱহাৰ কৰিব নালাগে।মান্যতা অনুসাৰে-এনে ফুল অৰ্পণ কৰিলে-মনুষ্যৰ পূৰ্ণৰ ঠাইত দোষ প্ৰাপ্ত হয়।
৩/ভগৱান বিষ্ণুৰ কৃপা লাভ কৰিবলৈ-গুৰুবাৰৰ দিনা- আহঁত,তুলসী আৰু কল গছত পানী দিব লাগে।আৰু পূজা কৰিব লাগে। গুৰুবাৰৰ দিনা-কল গছৰ পূজা কৰিলে-কুণ্ডলীত বৃহস্পতি গ্ৰহৰ দ্বাৰা শুভ ফল প্ৰাপ্ত হয়।
৪/ভগৱান বিষ্ণু আৰু বৃহস্পতি গ্ৰহৰ কৃপাৰ বাবে-গুৰুবাৰৰ দিনা বিধি-বিধানেৰে ব্ৰত ৰাখিব লাগে।এই ব্ৰতক ভক্তসকলে-বিচাৰিলে- ৫,১১বা ৪৩ সপ্তাহ ৰাখিব পাৰে।এই ব্ৰত কৰিলে-সুখ আৰু সৌভাগ্যৰ পাপ্তি হয়।
৬/গুৰুবাৰৰ দিনা-দেৱগুৰু বৃহস্পতিৰ দ্বাৰা শুভ ফল পাবলৈ-হালধীয়া ৰংৰ কাপোৰ বৱহাৰ কৰিব লাগে।আৰু ভগৱান বিষ্ণুৰ পূজাত-ভগৱান বিষ্ণুক হালধীয়া ৰংৰ কাপোৰ দি-নিজেও হালধীয়া ৰংৰ বস্ত্ৰ পৰিধান কৰি-হালধীয়া ৰংৰ আসনত বহি পূজা কৰিব লাগে।
৭/গুৰুবাৰৰ দিনা-ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ পূজাত হালধী তথা কেশৰৰ তিলকৰ প্ৰয়োগ কৰিব লাগে।এই দুজন দেৱতাক তিলক কৰাৰ পাচত নিজেও-প্ৰসাদ স্বৰূপে তিলক লগাব লাগে।