ডাইনী সন্দেহত শোণিতপুৰৰ চটাই নমাইলত দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং…

1 min read

🔹 প্ৰাণৰ মমতাত থানাত হাজিৰ ভুক্তভোগী পৰিয়াল

শোণিতপুৰ জিলাত এইবাৰ সংঘটিত হৈছে আন এক ডাইনী কাণ্ড। বিজ্ঞান-প্ৰযুক্তিৰ জয়যাত্ৰা অব্যাহত থকা একবিংশ শতিকাত অন্ধবিশ্বাসৰ বশৱৰ্তী হোৱাত সৰ্বস্বান্ত হৈছে এটি দুৰ্ভগীয়া পৰিয়াল। শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ চটাই নমাইলত ডাইনী সন্দেহত এটা পৰিয়ালৰ ওপৰত একাংশ দুৰ্বৃত্তই দলবদ্ধ নিৰ্যাতন চলোৱাৰ ফলত প্ৰাণৰ মমতাত ঘৰ-দুৱাৰ এৰি পলাবলগীয়া হোৱা ঘটনাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, চাৰিদুৱাৰৰ অসম-অৰুণাচল সীমান্তৰ চটাই নমাইল গাঁৱত ষাঠি ঊৰ্ধ্বৰ এক দম্পতী ক্ৰমে ফিলোৰাম বসুমতাৰী আৰু তেওঁৰ পত্নী চৰাই বসুমতাৰীক ডাইনী বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি গাঁওখনৰ ৰাইজে পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে পৰিয়ালটোৰ বাৰীৰ সকলো গছ, খেতি-বাতি এফালৰ পৰা কাটি তহিলং কৰি গাঁওখনৰ পৰা খেদি পঠিয়ায় একাংশ সমাজবিৰোধী লোকে ৷ উল্লেখ্য যে অঞ্চলটোত বিগত ৫ বছৰমান পূৰ্বে মাটি ক্ৰয় কৰি বাস কৰা তথা দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ফিলোৰাম বসুমতাৰীক কালি পুৱা বশিষ্ঠ বসুমতাৰী নামৰ এজন লোকে ফিলোৰামৰ পত্নীকো গাঁওখনৰ এজন লোকৰ আঁৰত বহুৱাই লৈ ৰাইজে ডাইনী বুলি মানি ল’বলৈ হেঁচা প্ৰয়োগ কৰে ৷ পৰিয়ালটোৱে উক্ত বাক্য মানি ল’বলৈ অস্বীকাৰ কৰাত পাছত পৰিয়ালটোৰ ষড়যন্ত্ৰমূলকভাৱে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰি সামগ্ৰীসমূহ পথৰ দাঁতিত থৈ গাঁৱৰ পৰা ওলাই যাবলৈ হুংকাৰ দি পিছত পৰিয়ালটোক গাঁওখনৰ পৰা খেদি পঠিয়ায় । গঞা ৰাইজে খেদি পঠিওৱাত অসহায়-দুৰ্ভগীয়া পৰিয়ালটোৱে প্ৰাণৰ মমতাত চাৰিদুৱাৰ আৰক্ষী থানাত উপস্থিত হয়হি। বাতৰি লিখা সময়ত দুৰ্ভগীয়া পৰিয়ালটোৱে আৰক্ষীৰ সহযোগত ফিলোৰামৰ ভগ্নীৰ ঘৰত আশ্ৰয় লৈ আছে ৷ চাৰিদুৱাৰ আৰক্ষীয়ে বৰ্তমান পৰিয়ালটোৰ গাঁৱত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে এনেবোৰ কুসংস্কাৰপূৰ্ণ কাণ্ড প্ৰতিৰোধৰ বাবে ২০১৮ৰ পৰা ৰাজ্যত বলৱৎ হোৱা ডাইনী হত্যা প্ৰতিৰোধী আইনখনৰ লগতে এনে অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচীৰো কোনো প্ৰভাৱ এই অঞ্চলত পৰা পৰিলক্ষিত হোৱা নাই । আনকি এনেধৰণৰ অন্ধবিশ্বাসৰ আঁৰ লৈ একাংশই সম্পত্তি তথা মাটি-বাৰী দখলৰ ষড়যন্ত্ৰ চলাই অহাৰো বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ অহাৰ সময়ত চাৰিদুৱাৰ থানাৰ অন্তৰ্গত অঞ্চলত সংঘটিত ঘটনাটোও এনে ষড়যন্ত্ৰৰে অংশ বুলিও সম্প্ৰতি চৰ্চিত হৈছে৷

You May Also Like

More From Author