দেৱ বাদ্য,মাঙ্গলিক কাৰ্য্যৰে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনৰ লাইখুঁটা স্থাপন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১৫ ডিচেম্বৰ:– “ভাষা সাহিত্যৰ জীৱনী দায়ক শক্তিৰে সমাজখন পৰিচালনা কৰে ৷ আজি অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ লাইখুঁটা স্থাপনৰ জৰিয়তে কেৱল সাহিত্য সভাৰ নহয় সমগ্ৰ মানৱ সমাজখনৰ সমন্বয়ৰ লাইখুঁটা স্থাপন কৰা হৈছে ৷”—এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰ জিৎ শৰ্মাৰ । অসম তথা উত্তৰ-পূবৰ বৃহত্তম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ বাৰপূজীয়াৰ পাঁচো ৰজা সমন্বয় ক্ষেত্ৰত অহা ৩১ জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া একাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে ৷ আনহাতে বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট শিক্ষাবিদ নৰেন্দ্ৰ নাথ কেওটে ।

দেৱবাদ্য আৰু মাঙ্গলিক ধ্বনিৰে লাইখুঁটা স্থাপন কৰা এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাৰ লগতে কোষাধ্যক্ষ মিহিৰ কুমাৰ বৰুৱা, মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা,অসম সাহিত্য সভাৰ ৰামধেনু উপ সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা,তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ,আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস,অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা,মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰ,জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ বৰা,অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয় সম্পাদক প্ৰতাপ হাজৰিকা, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, সম্পাদক ড° অচ্যুৎ কুমাৰ দাস, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা কেন্দ্ৰীয় প্ৰচাৰ উপ সমিতিৰ কাৰ্যকৰী সভাপতি অজিত শৰ্মা,শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা,অসম সাহিত্য সভাৰ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ঠগিত মহন্ত,সম্পাদক ৰেৱত হাজৰিকা,হোজাই জিলা সাহিত্য সভাৰ সম্পাদক বিৰাজ বৰা,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বলদেৱ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিৰ লগতে আদৰণি সমিতিৰ সভাপতি হেমন্ত দেউৰী,কাৰ্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ ডেকাৰ লগতে নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ আনহাতে এই অধিবেশনৰ লাইখুঁটা স্থাপন স্থলীতেই বাৰপূজীয়া অধিৱেশনৰ শীৰ্ষ গীতটি আনুষ্ঠানিক ভাৱে মুকলি কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷ ইপিনে আগন্তুক অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক অধিৱেশন খনিৰ এজন কৰ্ণধাৰ সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত কৰি আজি অসম সাহিত্য সভাই নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকাক বিশেষ দায়িত্ব প্ৰদান কৰে। বিশেষ অধিৱেশনৰ আদৰণি সমিতিৰ লগত সহযোগিতা আগবঢ়াই অধিৱেশন খনি সামগ্ৰিক ভাৱে তত্বাবধান কৰি সময়ে সময়ে আদৰণি সমিতিক দিহা পৰামৰ্শ দি অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ অসম সাহিত্য সভাই আনুষ্ঠানিক ভাৱে দায়িত্ব অৰ্পণ কৰে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author