নগাঁৱৰ কলিয়াবৰত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

1 min read

 

 

নিউজ ব্যুৰ’,নগাঁও,৯ডিচেম্বৰ:–২০০৫ চনৰ পৰা ইলোৰা বিজ্ঞান মঞ্চই পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। এইগৰাকী সমাজ সংস্কাৰকৰ জন্ম দিৱসত স্মৰণ কৰি বৰ্তমানৰ সমাজত মানৱতাবাদী মতৰ ধ্বজা বাহক ৰূপত নতুন প্ৰজন্মক গঢ়ি তুলিবৰ বাবে তেওঁৰ কৰ্মৰাজি মূল্যায়ন আৰু অৱলোকনৰ প্ৰয়োজন হৈ পৰিছে । এনে এক সন্ধিক্ষণত ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও জিলাৰ কলিয়াবৰ শাখাৰ উদ্যোগত শনিবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন কৰে। এই উপলক্ষে কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলিয়াবৰ ইলোৰা মঞ্চৰ সভাপতি ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ভীম প্ৰসাদ শৰ্মাই বৰ্তমান সময়তো অন্ধবিশ্বাসৰ কৰাৰ গ্ৰাসত পৰি ৰোৱা সমাজক বিজ্ঞানমনষ্ক কৰি তোলাত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী হ’বলৈ আহ্বান জনায়। সভাৰ প্ৰাৰম্ভতে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ দাহালে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা আৰু কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে হেমচন্দ্ৰ বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰে । ভাষণ প্ৰসংগত দাহালে কয় যে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই স্বাধীনচিতীয়া আৰু অন্যায়- অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উৰ্চগা কৰিছিল এই জীৱন। সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম। বিধবা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি । ৰক্ষণশীল সমাজত আছিল কেৱল বাধা। তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল। তেওঁ এনে চিন্তাৰ গৰাকী আছিল যে মৃত্যুৰ পাছত তেওঁ নশ্বৰ দেহ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ সলনি হাবিত পেলাই দিবলৈ কৈ গৈছিল। তাৰ কাৰণ আছিল জীৱ-জন্তুয়ে তেওঁৰ দেহ ভক্ষণ কৰিব। দেহদানৰ এই প্ৰক্ৰিয়া আৰু চিন্তাৰ বীজ তেতিয়াই তেওঁ মনত ৰোপণ হৈছিল। হেমচন্দ্ৰ বৰুৱাই না না প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন আগুৱাই নিছিল।সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰেক্টৰ দিলীপ কুমাৰ হাজৰিকা,পৰিচালনা সমিতিৰ সম্পাদক মোহন শইকীয়া তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । উল্লেখ্য যে ১৮৩৫চনৰ ১০ ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম গ্ৰহণ কৰা হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী। বৰুৱাই অসমীয়া ভাষা-সাহিত্যলৈ হেমকোষৰ উপৰি অসমীয়া ব্যাকৰণ,অসমীয়া ল’ৰাৰ ব্যাকৰণ,তুলনামূলক ব্যাকৰণ, অসমীয়া ল’ৰাৰ আদিপাঠ, পাঠমালা,স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়,কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী,আছামিজ মেৰিজ চিষ্টেম আদি গ্ৰন্থৰ অৱদান আগবঢ়াইছিল ।

 

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author